Thursday, March 23, 2023

শ্বহীদ ভগৎ সিং আৰু আমি

শ্বহীদ ভগৎ সিং আৰু আমি ৹নিৰংকুশ নাথ৹ ১৯৩১ চন । ২৩ মাৰ্চৰ দিনটোত ২৩ বছৰীয়া এজন যুৱক ভগৎ সিং আৰু তেওঁৰ দুই সতীৰ্থ - সুখদেৱ আৰু ৰাজগুৰুক ভাৰত চৰকাৰে ফাঁচী কাঠত ওলোমাই হত্যা কৰিছিল । তেওঁলোকৰ দোষ - দেশদ্ৰোহীতা, being Anti-National ! কিয়নো তেওঁলোকে সেই সময়ৰ ব্ৰিটিছ চৰকাৰক প্ৰশ্ন কৰিছিল । ৰাইজৰ কথা নুশুনা কলা অত্যাচাৰী চৰকাৰক এটা বোমা ফুটুৱাই সকীয়াই দি গৰ্জি উঠিছিল ইনকালাব জিন্দাবাদ, Long Live Revolution !! ভাৰতৰ স্বাধীনতা আন্দোলনৰ উজ্জ্বল নক্ষত্ৰ ভগৎ সিং আৰু তেওঁৰ সতীৰ্থসকল । এই যুৱক কেইজনক হত্যা কৰা হ'ল যদিও তেওঁলোকৰ চিন্তা আৰু মতাদৰ্শ আজিৰ যুৱ ভাৰতৰ বাবে বেছিকৈ প্ৰাসংগিক হৈ পৰিছে । স্বাধীনতাৰ ৭১ বছৰৰ পিছত আজিৰ যুৱ প্ৰজন্মই নতুন ভাৰতবৰ্ষ নিৰ্মাণৰ উদ্দেশ্যে তেওঁলোকৰ 'ইনকালাব'ৰ ধাৰণালৈ ঘূৰি চাব লাগিব । স্বাধীনতাৰ অৰ্থ ভগৎ সিঙ আৰু তেওঁৰ কমৰেডসকলৰ বাবে ইংৰাজৰ পৰা কেইজনমান ভাৰতীয়লৈ ক্ষমতাৰ হস্তান্তৰ নাছিল । স্বাধীনতাৰ অৰ্থ তেতিয়াহে ফলপ্ৰসূ হ'ব বুলি কৈছিল যেতিয়া ই গৰিষ্ঠ সংখ্যক ভাৰতীয়, অৰ্থাৎ কৃষক আৰু শ্ৰমিকৰ অৱস্থাৰ উন্নত কৰিব পাৰিব । তেওঁলোকে এক সমাজতান্ত্ৰিক ব্যৱস্থা গঠন কৰিব বিচাৰিছিল য'ত সকলো অংশৰ লোকৰ সমান অধিকাৰ থাকিব তথা ধৰ্মৰ নামত, জাতিৰ নামত বেহা-বেপাৰ নচলিব । এই দিশত ভাৰতবৰ্ষ আগবঢ়াই নিবলৈ বিপ্লৱীসকলে বিভিন্ন পথ সন্ধান কৰিছিল । সেইসময়ত তেওঁলোকক অনুপ্ৰেৰণা যোগাইছিল ৰুচ দেশৰ মহান অক্টোবৰ বিপ্লৱে । লেনিন হৈছিলগৈ পথ প্ৰদৰ্শক । মহাত্মা গান্ধীৰ অহিংস আন্দোলনৰ সমান্তৰালভাৱে চলিছিল নৈৰাজ্যবাদী, ছোচিয়েলিষ্ট আৰু কমিউনিষ্টৰ স্বাধীনতা আন্দোলনত অংশগ্ৰহণ । ব্ৰিটিছক খেদিবলৈ দেশৰ জমিদাৰ শ্ৰেণী আৰু সংঘ পৰিয়ালৰ বাহিৰে সকলোৱে অংশগ্ৰহণ কৰিছিল । জনগণৰ আন্দোলনৰ ফলত দেশ স্বাধীন হ'ল । লগে লগেই ৰাজনৈতিক স্বাধীনতা পালে। জাতি, ধৰ্ম, বৰ্ণ, লিংগ আৰু আৰ্থিক অৱস্থা নিৰ্বিশেষে সকলো ভাৰতীয়ক সাৰ্বজনীন ভোটাধিকাৰ প্ৰদান কৰি বিশ্বতেই বৃহত্তম গণতন্ত্ৰই ইতিহাস সৃষ্টি কৰিলে । কিন্তু এই ৰাজনৈতিক অধিকাৰক সুৰক্ষিত কৰিবলৈ প্ৰয়োজনীয় অৰ্থনৈতিক আৰু সামাজিক ৰূপান্তৰ সঠিক দিশত আগনাবাঢ়িল । পৰৱৰ্তী সময়ত দেশ শাসন কৰা কংগ্ৰেছ আৰু বিজেপিয়ে বৃহৎ পুঁজিপতিৰ স্বাৰ্থৰক্ষাকাৰী আৰ্থিক নীতিহে গ্ৰহণ কৰিলে । এনে এক অৱস্থা সম্পৰ্কে সেই তেতিয়াই অনুমান কৰিব পাৰি ভগৎ সিঙে সাৱধান কৰি কৈছিল - “ ভাৰত চৰকাৰৰ নেতৃত্ব লৰ্ড ৰিডিং নে ছাৰ পুৰুষোত্তম ঠাকুৰদাসৰ হাতত আছে, তাক লৈ তেওঁলোকৰ (কৃষক আৰু শ্ৰমিক) তাতে কি আহে যায় ? এজন কৃষকৰ বাবে লৰ্ড আৰ্ৱিনৰ ঠাইত ছাৰ তেজ বাহাদুৰ চাপৰু আহিলে কি পাৰ্থক্য এনে ! " বৰ্তমান এই অৱস্থা অধিক ভয়াবহ হৈছে । আজি আমি দেখিবলৈ পাইছোঁ কেনেকৈ ভাৰতবর্ষৰ জনগণৰ সম্পত্তি ব্ৰিটিছৰ দৰে বৃহৎ পুঁজিপতি বিজয় মালিয়া, নীৰৱ মোদী আদিয়ে লুটি বিদেশ পাইছেগৈ । সকলোৰে বিকাশৰ কথা কৈ ভাৰত চৰকাৰে কেৱল আম্বানী, আদানী আদিৰ স্বাৰ্থ ৰক্ষা কৰিবলৈ উঠি পৰি লাগিছে । সেইসময়ৰ দৰে আজিও ইয়াৰ বিৰুদ্ধে প্ৰতিবাদ হৈছে । কৃষকৰ লং মাৰ্চ, শ্ৰমিকৰ সৰ্বভাৰতীয় হৰতাল । আনকি সময়ে সময়ে সৰু সৰু ব্যৱসায়ী, কৰ্মচাৰী, যুৱক, ছাত্ৰৰ প্ৰতিবাদে দেশ কঁপাই তুলিছে। সমানে সমানে চলিছে দমন ।চলিছে sedition, গণতন্ত্ৰৰ ওপৰত আক্ৰমণ আৰু ব্ৰিটিছৰ 'দ্বিভাইড এণ্ড ৰুল' নীতি । ঐক্যবদ্ধ প্ৰতিবাদ বিনষ্ট কৰিবলৈ সাম্প্ৰদায়িক বিষবাষ্প বিয়পোৱা হৈছে । ভগৎ সিঙে তেওঁ লিখনি সাম্প্ৰদায়িক সংঘৰ্ষ আৰু তাৰ সমাধান শীৰ্ষক এটি লিখনিত সাম্প্ৰদায়িক ৰাজনীতিৰ বিৰুদ্ধে থিয় দিয়াৰ কথা কৈছে । যুক্তি দিছে কিয় ৰাজনীতি আৰু ধৰ্মক পৃথক কৰাৰ প্ৰয়োজন। সাম্প্ৰদায়িকতাৰ বিৰুদ্ধে যুঁজ দিয়াৰ ক্ষেত্ৰত মিডিয়াৰ ভূমিকা সম্পৰ্কে এইবুলি লিখিছে - " বাতৰিকাকতসমূহৰ প্ৰকৃত দায়িত্ব হৈছে জনগণক শিক্ষিত কৰা, মনবোৰ নিকা কৰা, ঠেক বিচ্ছিন্নতাবাদী বিভেদৰ পৰা ৰক্ষা কৰা আৰু সাম্প্ৰদায়িক চিন্তাক মষিমূৰ কৰি এক উমৈহতীয়া ৰাষ্ট্ৰীয়তাবাদৰ সম্প্ৰসাৰণ কৰা ।" আজিৰ বহু মিডিয়াৰ বাবে এনে কথা কাৰ্যকৰী কৰাটো দূৰৰ কথা হজম কৰাটোও মস্কিল হ'ব । তেওঁলোকৰ এটা অংশই 'উমৈহতীয়া ৰাষ্ট্ৰীয়তাবাদ' অৰ্থাৎ যি ৰাষ্ট্ৰীয়তাবাদে দেশৰ সকলো ৰাজ্য, ভাষা, কৃষ্টি, জাতি, ধৰ্মৰ ভিন্নতাৰ মাজতো ঐক্য গঢ়ি তোলে বা এক শব্দত কবলৈ হ'লে ভাৰতীয় ৰাষ্ট্ৰীয়তাবাদৰ সলনি মোদী আৰু আৰ এছ এছৰ 'হিন্দুত্ববাদী ৰাষ্ট্ৰীয়তাবাদ'ৰ প্ৰবক্তা হৈ পৰিছে । এনে 'Godi Media' সম্পৰ্কে ভগৎ সিঙে লিখিছিল কিদৰে তেওঁলোকৰ " মূল উদ্দেশ্য হৈছে অজ্ঞানতাৰ প্ৰচাৰ কৰা, বিচ্ছিন্নতা আৰু গোড়ামী বিয়পাই জনগণৰ মন-মগজু সাম্প্ৰদায়িক কৰি তুলি সংমিশ্ৰিত সংস্কৃতি আৰু উমৈহতীয়া ঐতিহ্য ধ্বংস কৰা ।" অতি নির্জলভাৱে একাংশ মিডিয়াই 'The nation wants to know' বুলি চিঞৰি চিঞৰি এইয়াই কৰি থকা নাই জানো ? ভাৰতৰ স্বাধীনতা আন্দোলনত অংশ নোলোৱা সাম্প্ৰদায়িক বিচ্ছিন্নতাবাদী আৰ এছ এছ-এ ব্ৰিটিছৰ দৰে ' সকলো সম্প্ৰদায়ৰ মাজত বিৰাজ কৰা সাধাৰণ ঠেক মনোবৃত্তিক ব্যৱহাৰ কৰে' । আজি দেশৰ বৃহৎ পুঁজিপতিৰ স্বাৰ্থ ৰক্ষাকাৰী আৰু সাম্প্ৰদায়িক শক্তিক প্ৰতিহত কৰাৰ প্ৰয়োজন হৈ পৰিছে । এনে বিভেদকামী শক্তি পৰাস্ত কৰাৰ উপায় ভগৎ সিঙৰ লিখনিত পোৱা যায়। তেওঁ লিখিছিল "এই সকলো সংঘৰ্ষৰ অন্ত কেৱল ভাৰতবৰ্ষৰ অৰ্থনৈতিক দিশ পৰিবৰ্তন কৰিহে সম্ভৱ....কিন্তু বৰ্তমানৰ আৰ্থিক নীতি পৰিবৰ্তন কৰাটো কঠিন....সেয়ে জনগণে চৰকাৰ পৰিবৰ্তন নোহোৱালৈকে চৰকাৰৰ বিৰুদ্ধে সংগ্ৰাম কৰি যাব লাগিব" কাৰণ তেওঁ জানিছিল কিদৰে শাসক শ্ৰেণীয়ে নিজৰ স্বাৰ্থতেই বিভেদৰ বীজ সিচে আৰু সেয়ে তেওঁ লিখিছে -" জনতাই যাতে নিজৰ মাজত যুজঁ নকৰে তাৰ বাবে শ্ৰেণী সচেতনতাৰ প্ৰয়োজন । দুখীয়া, শ্ৰমিক শ্ৰেণী আৰু কৃষকক স্পষ্ট কৰিব লাগিব যে পুঁজিবাদ হৈছে তেওঁলোকৰ আচল শত্ৰু।...জাতি, ধৰ্ম, বৰ্ণ আৰু অঞ্চল নিৰ্বিশেষে সকলো দুখীয়াৰ অধিকাৰ একেই । ঐক্যবদ্ধ হৈ সকলো বিভেদ আঁতৰাই ক্ষমতা দখল কৰিলেহে সামগ্ৰিক উন্নয়ন সম্ভৱ হ'ব । এই প্ৰচেষ্টাৰে আপোনালোকে একো নেহেৰুৱাই বৰঞ্চ এই চেষ্টাৰে এদিন দাসত্বৰ শৃংখল চিঙিব পাৰিব আৰু অৰ্থনৈতিক স্বাধীনতা অর্জন কৰিব পাৰিব" । এই সঠিক ৰূপৰেখা কাৰ্যকৰী কৰাত আজি সমস্যা জৰ্জৰিত যুৱ সমাজৰ ভূমিকা হ'ব উল্লেখযোগ্য । যুৱকসকলে নতুন ভাৰতবৰ্ষ নিৰ্মাণ কৰিবলৈ সাম্প্ৰদায়িক ৰাজনীতিক প্ৰতিহত কৰি এক বিকল্প জনমুখী অৰ্থনীতি গঢ়ি তুলিব পৰা ৰাজিনীতিৰ সূত্ৰপাত কৰিব লাগিব । আৰু সেয়ে " আজি আমি যুৱকসকলক পিষ্টল বা বোমা তুলি ল'বলৈ ক'ব নোৱাৰো ।আজিৰ ছাত্ৰসকলৰ সন্মুখত ইয়াতকৈ গুৰুত্বপূৰ্ণ কাম আছে । আজি বিপ্লৱৰ বাৰ্তা দেশৰ বিভিন্ন প্ৰান্তলৈ যুৱকসকলে বিয়পাই দিব লাগিব । কল-কাৰখানাৰ বস্তি অঞ্চলৰ আৰু গ্ৰামাঞ্চলৰ কোটি কোটি জনতাক জগাই তুলিব লাগিব যাতে তেওঁলোক স্বাধীন হয় আৰু মানুহৰ মানুহৰ ওপৰত চলা শোষণ অসম্ভৱ হৈ উঠিব" । দেশৰ মুঠ জনসংখ্যাৰ ৬৫% আমি ৩৫ বছৰ বয়সৰ তলৰ যুৱসমাজ। আমিয়েই ভগৎ সিং আৰু তেওঁৰ সতীৰ্থসকলৰ সপোন বাস্তৱায়িত কৰাৰ বাবে সম্পূৰ্ণ শক্তি নিয়োজিত কৰিব লাগিব । ভগৎ সিঙৰ দৰেই শাসক শ্ৰেণীক প্ৰশ্ন কৰিব লাগিব । প্ৰশ্ন কৰিব লাগিব কিয় এইবেলি নিবনুৱাৰ হাৰ যোৱা ৪৫ বছৰৰ আটাইতকৈ বেছি হৈছে ? কিয় চকীদাৰৰ নামত নাটক কৰা চৰকাৰে দেশৰ বিভিন্ন প্ৰান্তত কৰ্মৰত চিকিউৰিটি গাৰ্ড সমূহক যোৱা ৫ বছৰে নূন্যতম মজুৰি প্ৰদান কৰিব নোৱাৰিলে ? কিয় ভাল দিনৰ সলনি 'ঘৰ বাপচী', 'লাভ জিহাড', 'গৌ ৰক্ষা' আদিহে প্ৰদান কৰিলে ? আজি দেশৰ যুৱশক্তিয়ে সংবিধান ৰক্ষা কৰি গণতন্ত্ৰ অধিক শক্তিশালী কৰিব লাগিব । অনবৰতে আগবঢ়াই নিব লাগিব 'Battle of Ideas'। এই যুঁজত আমি দৃঢ় বিশ্বাসী যে আমাৰ জয় অনিবাৰ্য । কাৰণ 'সমাজতন্ত্ৰই ভৱিষ্যত আৰু ভৱিষ্যত আমাৰ' !!

Tuesday, March 14, 2023

মাৰ্ক্সলৈ উভতি চোৱা

মাৰ্ক্সলৈ উভতি চোৱা নিৰংকুশ নাথ
হাইগেট সমাধি ক্ষেত্ৰলৈ গ'লে ঊনবিংশ শতাব্দীৰ দুজন দাৰ্শনিকৰ সমাধি একেলগে দেখিবলৈ পোৱা যায়। এজন আছিল সেই সময়ৰ এৰিষ্ট'টেল বুলি বিখ্যাত আৰু এজন সেই সময়ৰ সাধাৰণ ব্যক্তি যিজনে নিজৰ বন্ধুৰ ধাৰে দিয়া টকাৰে হেম্পস্তিদৰ দাঁতিকাষৰীয়া অঞ্চলত বাস কৰিছিল। প্ৰথমজনক আজি কোনেও বিচাৰি নাযায়, তেওঁৰ সমাধি তাত আছে বুলি কোনেও নাজানে- তেওঁ হ'ল হাৰ্বাট স্পেঞ্চাৰ। আনজনৰ সমাধি চাবলৈ, ফুলৰ থোপা যাচিবলৈ বিশ্বৰ বিভিন্ন প্ৰান্তৰ মানুহ সমাগত হয়, তেওঁ হ'ল কাৰ্ল মাৰ্ক্স। বি চি চিয়ে আয়োজন কৰা সহস্ৰাব্দৰ মহত্বম চিন্তাবিদৰ ভোট গ্ৰহণত কাৰ্লমাৰ্ক্সৰ নাম সৰ্বপ্ৰথম হৈছিল। Google ত দাৰ্ৱিন আৰু আইনষ্টাইনৰ পিছতেই তেওঁৰ সৰ্বাধিক search। মাৰ্ক্সে এনে কি উদ্ভাৱন কৰিছিল যাৰ বাবে আজিও তেওঁ প্ৰাসংগিক। আজি ১৪ মাৰ্চ, ২০২৩। তেওঁৰ ১৪০ সংখ্যক মৃত্যুবাৰ্ষিকী। ১৮৮৩ চনত তেওঁৰ বন্ধু ফ্ৰেডেৰিখ এংগেলছে তেওঁৰ মৃত্যুত এই বুলি কৈছিল - "পৃথিৱীৰ শ্ৰেষ্ঠ চিন্তাবিদ গৰাকীৰ স্তব্ধ হৈ পৰিল চিন্তাৰ স্ৰোত" । আজিৰ পৃথিৱীৰখন সেই সময়তকৈ বহুত বেলেগ হ'ল। বিভিন্ন পৰিৱৰ্তন হ'ল দুখন বিশ্বযুদ্ধ, টেলিভিছন, ইণ্টাৰনেট, ফেচবুক সকলো দিশতে পৰিৱৰ্তন হ'ল। তথাপি মাৰ্ক্স অপৰিহাৰ্য কিয়? প্ৰথম কাৰণ হ'ল যে মাৰ্ক্স এনে এজন ব্যক্তি আছিল যিজনে পৃথিৱীখন পৰীক্ষা কৰাৰ ক্ষেত্ৰত এক মৌলিক অৱদান আগবঢ়ালে। সেই পৰ্য্যায়ত তেওঁ প্লেট, এৰিষ্ট'টল, কপাৰ্নিকাছ, গেলিলিঅ', নিউটন, দাৰ্ৱিন, ফ্ৰয়দ আৰু আইনষ্টাইনৰ সমকক্ষ। ইতিহাসৰ বস্তুবাদী ধাৰণাৰ উদ্ভাৱক তেওঁ। একেবাৰে সাধাৰণ এটা ধাৰণা যে মানুহে ৰাজনীতি, কলা, ধৰ্ম আদি আলোচনা কৰাৰ আগতে অন্ন, বস্ত্ৰ আৰু বাসস্থানৰ যোগাৰ কৰিব লাগিব। এই ধাৰণা ইমান শক্তিশালী যে তেওঁৰ বিৰোধীসকলেও নস্যাৎ কৰিব নোৱাৰে। দ্বিতীয়টে "সকলো কথাৰে উৰ্দ্ধত তেওঁ এজন বিপ্লৱী আছিল"। তত্ত্ব তেওঁৰ বাবে পৃথিৱীৰখন পৰিৱৰ্তন আহিলাহে। তেওঁৰ সমস্ত তত্ত্ব ইতিহাসৰ বস্তুবাদী ধাৰণা বা কেপিটল গ্ৰন্থৰ সকলো অৰ্থনৈতিক ব্যাখ্যা আছিল মূলতঃ শ্ৰমিক শ্ৰেণীৰ মুক্তিৰ লক্ষ্যৰেই। তেওঁৰ এজন সমসাময়িক ব্যক্তিয়ে মাৰ্ক্সৰ বৰ্ণনা এনেদৰে দিছিল "ৰুছ, ভলটেয়াৰ, হলবাখ, লেছিং, হায়নে আৰু হেগেলক মিশ্ৰণ কৰি এজন ব্যক্তি তৈয়াৰ কৰা হ'ল আৰু তেওঁয়ে মাৰ্ক্স। তেওঁ বিপ্লৱত অংশগ্ৰহণ নকৰি কেৱল বৌদ্ধিক দিশত মনোনিৱেশ কৰা হ'লে এজন ধনী, বিখ্যাত বুদ্ধিজীৱী হিচাপে মৃত্যুবৰণ কৰিলেহেঁতেন। মাৰ্ক্সে সমাজবাদী বিপ্লৱৰ বাবে জীৱনত বহুত দুখ-কষ্ট স্বীকাৰ কৰিবলগীয়া হৈছিল। পুলিচৰ পৰা পলাই সমগ্ৰ ইউৰোপ ঘূৰি ফুৰিছিল। এখন শ্ৰেণীহীন সমাজ প্ৰতিষ্ঠাৰ স্বাৰ্থত তেওঁ চৰম দাৰিদ্ৰতা আঁকোৱালি লৈছিল। বিশ্বায়নৰ যুগত মাৰ্ক্সৰ প্ৰাসংগিকতা বৃদ্ধি পাইছে। পুঁজিবাদৰ বিকাশৰ লগে লগে পুঁজি কেন্দ্ৰীভূত হ'বলৈ ধৰে। আজি পৃথিৱীৰ এক শতাংশ মানুহৰ হাতত পৃথিৱীৰ ৬৬% সম্পদ গোট খাইছে। এই কেন্দ্ৰীভূত হোৱাৰ বাবে এক বিশ্ব ব্যৱস্থা প্ৰতিষ্ঠা হ'ল যাক আমি বিশ্বায়ন বুলি কওঁ। এই ব্যৱস্থাৰ মাজেৰেই আৰু অধিক মুনাফা অৰ্জনেই কেন্দ্ৰীভূত পুঁজিৰ লক্ষ্য। কোনো বাধা নোহোৱা এক ব্যৱস্থা লাগে যাতে সমগ্ৰ পৃথিৱীয়ে ইয়াৰ বিচৰণভূমি হ'ব পাৰে। এই কাম সূচাৰুৰুপে পৰিচালনা কৰাৰ বাবেই আন্তৰ্জাতিক মুদ্ৰা ভাণ্ডাৰ, বিশ্ব বেংক আৰু বিশ্ব বাণিজ্য সংস্থাৰ সৃষ্টি। পুঁজিৰ এই বৈশিষ্ট্য সম্পৰ্কে মাৰ্ক্সে মেনিফেষ্টত এনেদৰে উল্লেখ কৰিছিল- "উৎপাদিত বস্তুৰ বাবে সঘনে সম্প্ৰসাৰিত বজাৰ এখনৰ প্ৰয়োজনীয়তাই গোটেই বিশ্বজুৰি বুৰ্জোৱা শ্ৰেণীক খেদি ফুৰিছে। সকলো ঠাইতে এই শ্ৰেণীয়ে খোপনি ল'ব লাগিব, সকলো ঠাইতে বসবাস কৰিব লাগিব আৰু সৰ্বত্ৰ নিজৰ সম্পৰ্ক গঢ়ি তুলিব লাগিব।" সেয়ে হয়তো একেবাৰে পশ্চাৎপদ চৰ অঞ্চলত হস্পিতাল নাথাকিলেও ভদাফোনৰ ৰিচাৰ্জ পোৱা যায়। এই ব্যৱস্থা বাহাল ৰাখিবলৈ পুঁজিবাদে সকলো ধৰণৰ ৰাজনৈতিক আৰু সামৰিক ব্যৱস্থা গ্ৰহণ কৰে। বিভিন্ন দেশৰ চৰকাৰ নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা চলায়। ক'বলৈ গ'লে "আধুনিক ৰাষ্ট্ৰৰ কাৰ্য্যপালিকা হ'ল আচলতে গোটেই বুৰ্জোৱা শ্ৰেণীৰে উমৈহতীয়া কাম-কাজ পৰিচালনাৰে গঠিত এখন কমিটি মাত্ৰ।" আমাৰ দেশৰ মোডী চৰকাৰে ক্ষমতালৈ অহাৰ পিছত দেখা পোৱা গ'ল যে নিৰ্বাচনৰ সময়ত সহায় কৰা আদানীৰ সম্পত্তিৰ পৰিমাণ 46% বৃদ্ধি হ'ল আৰু আম্বানী দেশৰ 80% মিডিয়া হাউচৰ গৰাকী হ'ল। এই আলম মতেই পৃথিৱীৰ বিভিন্ন প্ৰান্তত চলি থকা সামৰিক আধিপত্যও ব্যাখ্যা হয়। বিশেষকৈ যোৱা সময়ত আমেৰিকাৰ বৈদেশিক নীতি আমেৰিকাৰ এক শতাংশই নিয়ন্ত্ৰণ কৰি আহিছে আৰু ইয়াৰ ফলতেই মধ্য প্ৰাচ্যত চলি আছে নৰহত্যা। আইচিছৰ জন্মৰ আঁৰত আমেৰিকান পুঁজিপতিৰ স্বাৰ্থ জড়িত হৈ আছে। ডাচ কেপিটেলত মাৰ্ক্সে পুঁজিৰ বৰ্বৰতা সম্পৰ্কে লিখিছিল- "পৰ্য্যাপ্ত মুনাফা লাভ কৰিলে, পুঁজি যথেষ্ট শক্তিশালী হৈ উঠে। 10% মুনাফা নিশ্চিত হ'লে ই পৃথিৱীৰ যিকোনো ঠাইতে নিয়োজিত হ'বলৈ প্ৰস্তুত, 20% উৎসুকতাৰ সৃষ্টি কৰে, 50% ইতিবাচক ঔদ্ধতালি, 100% নিশ্চয়তাই সকলো মানৱীয় আইন মোহাৰি পেলাবলৈ প্ৰস্তুত কৰে আৰু 300% নিশ্চয়তা থাকিলে এনে কোনো অপৰাধ নাই যি নকৰে বা নিজৰ মালিকৰ ফাঁচিৰ সম্ভাৱনাও ভ্ৰূক্ষেপ নকৰে।" বজাৰেই নহয়, বিশ্বায়নে দেশীয় ভাষা, সংস্কৃতিকো গ্ৰাস কৰিছে। জাতি বিশেষকৰ বৌদ্ধিক সৃষ্টিসমূহ সাধাৰণ সম্পত্তিত পৰিণত কৰিছে। পুঁজিবাদে সকলো বস্তু পণ্যলৈ ৰুপান্তৰিত কৰিছে। শিক্ষা, স্বাস্থ্য এতিয়া পণ্য। বিজ্ঞানৰ আৱিষ্কাৰসমূহো পণ্য, যি পণ্যলৈ বিজ্ঞানীসকলে কিনা-বেচাত(এণ্টিক্স কেলেংকাৰীত) লিপ্ত হৈছে। মানুহৰ ব্যক্তিগত প্ৰেম তথা যৌন আশা-আকাংক্ষাও পণ্য। আইচক্ৰীম, ফলৰ ৰস বা কণ্ডমৰ বিজ্ঞাপনৰ মাজত যেন কোনো পাৰ্থক্য নাই, মানৱীয় সম্পৰ্ক চুই নোযোৱাকৈ থকা নাই। মেট্ৰ নগৰীসমূহত যি হাৰত বিবাহ বিচ্ছেদ ঘটিছে ই তাৰেই প্ৰমাণ। যিবিলাক বৃত্তিক মানুহে ইমান দিনে শ্ৰদ্ধা কৰিছিল এই বুৰ্জোৱা শ্ৰেণীয়ে সেই বৃত্তিবিলাকৰ সকলো মহিমা বিনষ্ট কৰি দিছে। ডাক্তৰ, উকীল, ধৰ্মযাজক, কবি, বিজ্ঞানী সকলোকে ই নিজৰ দৰ্মহা খোৱা মজুৰি শ্ৰমিকলৈ ৰুপান্তৰিত কৰিছে। বুৰ্জোৱা শ্ৰেণীয়ে পৰিয়ালৰ আৱেগিক আৱৰণটো খুলি পেলাইছে আৰু পৰিয়াল সম্পৰ্কক টকাৰ সম্পৰ্কত পৰিণত কৰিছে। পুঁজিবাদৰ বিকল্প নাই বুলি অট্টহাস্য কৰিলেও পুঁজিবাদ বাৰে বাৰে সংকটত পোত যায়। 2008 চনত আকৌ সংকট জৰ্জৰিত হ'ল পুঁজিবাদী ব্যৱস্থা। মুনাফা লাভৰ আকাংক্ষাই শ্ৰমিক চাটাই তথা শ্ৰমিকৰ দৰমহা কৰ্তনৰ পথ ল'বলৈ বাধ্য কৰালে। ফলত পুঁজিবাদে উৎপাদন কৰা সামগ্ৰী কিনিব নোৱাৰা হ'ল অসংখ্যজনে। 2008 চনত আমেৰিকাতা হাউচিং মাৰ্কেট খহি পৰিল। Fiction Capital নামত ষ্টক মাৰ্কেট চলি আছিল আৰু ই খহি পৰিল। কৰ্মসংস্থাপনহীনতা পুঁজিবাদৰ চিৰ লগৰী। যিসকলৰ চাকৰি হয় তেওঁলোকে কম দৰমহাত চাকৰি কৰিবলৈ বাধ্য হয়। সৃষ্টি হয় এক 'শ্ৰমিকৰ ৰিজাৰ্ভ বাহিনী'। সংকটত জৰ্জৰিত পুঁজিবাদৰ বিৰুদ্ধে আন্দোলন সৃষ্টি হয়। 'অকিউপাই' আন্দোলন তাৰেই এক নমুনা। একোটা নিৰ্দিষ্ট সময়ৰ মূৰে মূৰে নিয়মীয়াকৈ দেখা দিয়া বাণিজ্যিক সংকটসমূহে প্ৰতিবাৰেই অধিকতৰ ভাবুকিৰে সমস্ত বুৰ্জোৱা শ্ৰেণীৰ অস্তিত্বক অগ্নি পৰীক্ষাৰ সন্মুখীন কৰি তুলিছে। মাৰ্ক্সে পুঁজিবাদ বিশ্লেষণ কৰি যান্ত্ৰিক বস্তুবাদীসকলৰ দৰে বহি নাথাকিল। তেওঁ আৱাজ তুলিছিল- "দাৰ্শনিকসকলে বিশ্ব সম্পৰ্কে বিশ্লেষণ আগবঢ়াইছে, পিছে আচল কথা পৰিৱৰ্তন কৰাটোহে।" তেওঁ জাৰ্মান দৰ্শনক বিকশিত কৰি শ্ৰমিক শ্ৰেণী, যি পুঁজিপতি শ্ৰেণীৰ 'কবৰ খান্দোতা'ৰ হাতত দ্বন্দ্বমূলক বস্তুবাদৰ দৰ্শন তুলি দিলে। মাৰ্ক্সৰ লগতে এংগেলচে হেগেলৰ দ্বন্দ্বাত্মক পদ্ধতিৰ পৰা ভাৱবাদী দৰ্শন আঁতৰাই আৰু ফয়েৰবাখৰ বস্তুবাদী দৰ্শনৰ যান্ত্ৰিকতাক নেওচি দ্বন্দ্বমূলক বস্তুবাদৰ সৃষ্টি কৰিলে। দ্বন্দ্বমূলক বস্তুবাদী দৰ্শনৰ সহায়েৰে সমাজ বিশ্লেষণ কৰোতে ইতিহাস চৰ্চাৰ নতুন দিশ উদ্ভাৱন হ'ল ইতিহাসৰ বস্তুবাদী ধাৰণা। এই ধাৰণাই ইতিহাস বিশ্লেষণক দুই ক্ৰটিৰ পৰা মুক্ত কৰিলে। ইতিহাস বৰ্ণিত হোৱা ঘটনাসমূহৰ বিশ্লেষণ কেৱল সেই সময়ৰ মতবাদসমূহৰ অধ্যয়ন নহয় বৰঞ্চ মতবাদটি সৃষ্টি হোৱাৰ বস্তুগত দিশ সম্পৰ্কে অধ্যয়ন কৰা উচিত। বুৰঞ্জী কেৱল ৰজা-মহাৰজাৰ কৰ্ম-কাণ্ড নহয় বৰঞ্চ সেই সময়ৰ সামাজিক জীৱনৰ লগত জড়িত। ইংলেণ্ডৰ অৰ্থনৈতিক ৰাজনীতিৰ ভেটি সৃষ্টিকৰ্তা আদাম স্মিথ আৰু ডেভিদ ৰিকাৰ্ডওৰ তত্ত্বসমূহ প্ৰমাণ কৰাৰ লগতে বিকশিত কৰি তুলি পুঁজিবাদ অধ্যয়ন কৰিলে। পণ্য উৎপাদনৰ বাবে প্ৰয়োজন হোৱা সামাজিক শ্ৰমৰ সময় তথা উৎপাদন ব্যৱস্থা আৰু উৎপাদন সম্পৰ্কৰ দ্বন্দ্ব পোহৰলৈ আনিলে। সৃষ্টি হ'ল উদ্ধৃত মূল্যৰ তত্ত্ব। পৰিৱৰ্তনকামী মানুহৰ হাঠিয়াৰ হিচাপে আৱিৰ্ভাব হোৱা ফৰাচী সমাজবাদক বিকশিত কৰি সৃষ্টি কৰিলে বৈজ্ঞানিক সমাজবাদ। দেখুৱাই দিলে পুঁজিবাদী ব্যৱস্থাৰ ধ্বংস অৱশ্যম্ভাৱী। 'পৃথিৱীৰ ইতিহাস শ্ৰেণী সংগ্ৰামৰ ইতিহাস।' সৃষ্টি হ'ল শ্ৰণী সংগ্ৰাম তত্ত্ব। বৰ্তমান সময়ত 'শ্ৰেণী সংগ্ৰামৰ ইতিহাস' মোচন কৰি উত্তৰ আধুনিকতাবাদৰ দৰ্শনেৰে 'পুঁজিবাদেই ইতিহাসৰ শেষ স্তৰ' বুলি ক'ব খোজা সকলে 'পৰিচিত সত্ত্বাৰ ৰাজনীতি' আৰু 'সভ্য সমাজ'ৰ আন্দোলনত গুৰুত্ব দিয়ে। 'পৰিচিত সত্ত্বাৰ ৰাজনীতি'ক শ্ৰেণী সংগ্ৰামৰ মাজলৈ আনি বৃহৎ গণতান্ত্ৰিক আন্দোলন সৃষ্টি কৰাৰহে প্ৰয়োজন। বৰ্তমান ভাৰতৰ সমাজ ব্যৱস্থাত সমাজতন্ত্ৰলৈ গতি কৰিবলৈ, শ্ৰমিক শোষিত জনগণৰ মুক্তিৰ বাবে 'বিপ্লৱৰ প্ৰথম ঢাপ হৈছে সৰ্বহাৰাক শাসন শ্ৰেণীৰ পৰ্য্যায়লৈ উন্নীত কৰা, গণতন্ত্ৰৰ যুঁজখন জয় কৰা।' সাম্যবাদ য'ত প্ৰতিজন মানুহৰ মুক্ত বিকাশেই হ'ব সকলোৰে মুক্ত বিকাশৰ চৰ্ত স্থাপন কৰাৰ যুঁজখন আগুৱাই নিওতে প্ৰতিক্ৰিয়াশীল শাসক শ্ৰেণীয়ে বিভিন্ন বাধা দিব কিন্তু আমি আগুৱাই যাবই লাগিব, ইতিহাসৰ পৰা শিক্ষা ল'ব লাগিব। যুৱ সমাজে আজি মাৰ্ক্সবাদ অধ্যয়ন আৰু প্ৰয়োগ কৰি পৰিৱৰ্তনৰ যুঁজ আগুৱাই নিব লাগিব।

Sunday, March 5, 2023

কেৰালা মডেল : এক জনমুখী বিকল্প

 



কেৰালা মডেল : এক জনমুখী বিকল্প

- নিৰংকুশ নাথ


কেন্দ্ৰীয় চৰকাৰৰ অধীনত থকা হিন্দুস্তান নিউজপ্ৰিন্ট লিমিটেড নামৰ কাগজকলটো ২০১৭ চনত লোকচান হোৱাৰ দোহাই দি ব্যক্তিগতকৰণ কৰিব বিচৰা হৈছিল। কিন্তু কেৰালা চৰকাৰে বন্ধ হৈ থকা কাগজ কলটো কেৰালা পেপাৰ প্ৰডাক্টছ লিমিটেড নামেৰে পুনৰ আৰম্ভ কৰিলে। কেৰালাৰ চি পি আই(এম) নেতৃত্বাধীন বাঁওপন্থী চৰকাৰে এক দীৰ্ঘকালীন ন্যায়িক যুঁজৰ পিছত এই কাগজকল নিজৰ হাতলৈ আনে। অন্যহাতে অসমত আমি দেখিছোঁ কেনেকৈ নগাঁও কাগজ কল আমাৰ সন্মুখতেই নোহোৱা হ'ল। আমি অসমে এনে প্ৰত্যাহ্বান গ্ৰহণ কৰিব নোৱাৰিলোঁহেতেন নে? 

মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাই অসমক দেশৰ প্ৰথম পাঁচখন উন্নত ৰাজ্যৰ তালিকাত ৰাখিব বিচাৰিছে । তেওঁ এই বক্তব্য মুখ্যমন্ত্ৰী হোৱাৰ আগৰ পৰাই ৰাখি আহিছে। কিন্তু এইয়া কেনেকৈ সম্ভৱ হ'ব? অসমৰ গৰিষ্ঠ সংখ্যক মানুহ অৰ্থাৎ কৃষক, শ্ৰমিক, মধ্যবিত্তৰ উন্নয়নৰ অবিহনে এইয়া সম্ভৱ জানো? অসমক উন্নয়নৰ দিশে আগুৱাই নিবলৈ আমি কেনে নীতি গ্ৰহণ কৰিব লাগিব? আমি দেখিছোঁ যে ভাৰত চৰকাৰে গ্ৰহণ কৰা আৰ্থিক নীতিৰ ফলত সাধাৰণ খাটি খোৱাৰ অৱস্থাৰ উন্নত হোৱা নাই কাৰণ এই নীতি বৃহৎ পুজিপতিৰ স্বাৰ্থত। ফলস্বৰূপে দেশৰ ধনী অধিক ধনী হৈছে, সাধাৰণৰ অৱস্থাৰ আৰু অৱনতি হৈছে। দেশৰ ১ শতাংশ মানুহৰ হাতত আজি ৪০ শতাংশ সম্পদ গোট খাইছে। ৰাজহুৱা খণ্ডক বন্ধু আম্বানী-আদানীৰ হাতত তুলি দিছে। আজি খাটি খোৱাৰ হাতত পইচা কম। যিকেইটা আহে সেইকেইটাও বস্তু বাহানীৰ দাম বৃদ্ধি, বৰ্ধিত চিকিৎসাৰ খৰছ, ঔষধৰ মূল্য বৃদ্ধি, ল'ৰা- ছোৱালীৰ টিউচন আদিত শেষ হয়। চাকৰি যদি কেইবাহাজাৰ ওলায়, প্ৰাৰ্থী থাকে লাখ লাখ।


 সেই একে নীতিকে অসমৰ চৰকাৰখনেও অনুসৰণ কৰিছে। কিন্তু এনে নীতি গ্ৰহণ কৰি অসমৰ ৰাইজৰ উন্নয়ন সাধন কৰিব পৰা যাব নে?।আমি দেখিছো যে সাধাৰণ জনগণৰ উন্নয়ন সাধন কৰিবলৈ সক্ষম হৈছে কেৰালা চৰকাৰে । কি কৰিছে তেওঁলোকে? তেওঁলোকৰ নীতি কেনেকুৱা? কিছু উদাহৰণ দাঙি ধৰি সেই সম্পৰ্কে এক চমু আলোচনা কৰিব বিচাৰিছোঁ।


মজুৰি আৰু ফচলৰ মূল্য

মানুহৰ হাতত পইচা তুলি দিয়াটো এক গুৰুত্বপূৰ্ণ বিষয়। মানুহৰ হাতত পইচা আহিলেহে বজাৰলৈ যাব পাৰিব আৰু বস্তু কিনিব পাৰিব। তেতিয়া বজাৰো চলিব আৰু আৰ্থিক উন্নতি হ'ব। মানুহৰ হাতত দান দক্ষিণাৰে পইচা তুলি দিব পাৰি অথবা তেওঁলোকৰ জীৱিকাৰ জৰিয়তে আয় বৃদ্ধি কৰাৰ বাবে নীতি গ্ৰহণ কৰি পাৰি। শ্ৰমিকৰ মজুৰি বৃদ্ধি কৰা আৰু কৃষকৰ উৎপাদিত সামগ্ৰীৰ উচিত মূল্য প্ৰদান কৰাৰ মাজেৰে সেয়া সম্ভৱ। কেৰালা চৰকাৰে দুয়োটা ক্ষেত্ৰত এক নিদৰ্শন দাঙি ধৰিছে।ভাৰতীয় ৰিজাৰ্ভ বেংকৰ প্ৰতিবেদন অনুসৰি গ্ৰামাঞ্চলৰ নিৰ্মাণ শ্ৰমিক, কৃষি শ্ৰমিক আৰু অকৃষি শ্ৰমিকৰ দৈনিক মজুৰি কেৰালাত সৰ্বাধিক। তাৰোপৰি কেৰেলা আৰু তাৰ পিছত থকা অন্যান্য ৰাজ্যসমূহত প্ৰদান কৰা মজুৰিৰ মাজত  ব্যৱধান যথেষ্ট বেছি। ২০২১-২২ বৰ্ষৰ  প্ৰতিবেদন অনুসৰি  কেৰালাৰ এজন নিৰ্মাণ শ্ৰমিকৰ দৈনিক গড় মজুৰি হৈছে ৮৩৭.৭ টকা। অন্যহাতে দৈনিক ৰাষ্ট্ৰীয় গড় মজুৰি ৩৭৩.৩ টকা। অসমত ই ৰাষ্ট্ৰীয় গড়ত কৈও কম । মাত্ৰ ৩৪১.১ টকা। সাধাৰণ কৃষি শ্ৰমিকৰ দৈনিক গড় মজুৰি কেৰালাত ৭২৬.৮টকা। ইয়াৰ বিপৰীতে ৰাষ্ট্ৰীয় গড় ৩২৩.২ টকা। অসমত মাত্ৰ ৩০৭.৬ টকা। কেৰালাৰ অকৃষি শ্ৰমিকৰ দৈনিক গড় মজুৰি ৬৮১.৮ টকা হোৱাৰ বিপৰীতে ৰাষ্ট্ৰীয় দৈনিক গড় মজুৰি ৩২৬.৬ টকা। অসমত মাত্ৰ ৩০৬.৪ টকা। আদৰ্শ ৰাজ্য হিচাপে প্ৰচাৰিত গুজৰাট ৰাজ্যখনে তিনিওটা শাখাতে তলৰ পাঁচখন ৰাজ্যৰ তালিকাত স্থান লাভ কৰিছে। 


অন্যহাতে কৃষকৰ হাতত পইচা তুলি দিয়াৰ বাবে কেৰালা চৰকাৰে নিৰ্ধাৰণ কৰি দিছে উৎপাদিত ফচলৰ মূল্য। আমি অসমত উৎপাদিত ফচলৰ উচিত মূল্যৰ অভাৱত খেতিয়কে ৰাস্তাত শাক-পাচলি পেলাই দিয়া দেখিছোঁ । অৱশ্যে চৰকাৰৰ হস্তক্ষেপে এনে চিত্ৰৰ পৰিৱৰ্তন কৰাই নহয়, নতুন চামক খেতি কৰিবলৈও উৎসাহিত কৰিব পাৰে। সাধাৰণতে কেন্দ্ৰীয় চৰকাৰে ২২ বিধ সামগ্ৰীৰ বাবে নূন্যতম সাহায্য মূল্য ( Minimum Support Price) ধার্য কৰি ৰাখিছে যদিও ইয়াৰ সকলো বিধ সামগ্ৰী আমাৰ ৰাজ্যখনত উৎপাদন নহয় আৰু তাতোকৈ ডাঙৰ কথা বেছিভাগ উৎপাদিত সামগ্ৰী ক্ৰয় কৰাৰ বাবে পৰ্যাপ্ত চৰকাৰী সংগ্ৰহ কেন্দ্ৰ নাই । এই ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰৰ যথেষ্ট কৰণীয় আছে আৰু সীমিত ক্ষমতাৰে ৰাজ্যসমূহেও বহুখিনি কৰাৰ থল আছে আৰু তাৰেই প্ৰমাণ কৰিলে কেৰালাই । কেৰালাই কৃষকে উৎপাদন কৰা শাক-পাচলি আৰু ফল-মূলৰ নূন্যতম মূল্য নিৰ্ধাৰণ কৰা দেশৰ একমাত্ৰ ৰাজ্য হিচাপে অনন্য নিদৰ্শন দাঙি ধৰিছে। কেৰালা চৰকাৰে ১৬ বিধ পাচলি আৰু ফলৰ Base price ঠিৰাং কৰিছে ।বজাৰত চলি থকা মূল্যৰ ব্যাপক অস্থিৰতাৰ পৰা কৃষকক ৰক্ষা কৰাৰ উদ্দেশ্যে এই পদক্ষেপ লৈছে । ৰাজ্যখনৰ Agricultural Price Board-এ এক অধ্যয়ন কৰি উৎপাদনত হোৱা খৰচৰ লগত ২০% যোগ কৰি ফচলৰ এক নিৰ্দিষ্ট মূল্য (Base Price) ঠিক কৰিছে ।  উদাহৰণ স্বৰূপে, প্ৰতি কেজি সমগ্ৰীত  শেহতীয়াকৈ নিৰ্ধাৰণ কৰা base price সমূহ এনেধৰণৰ :   কল - ₹ ৩০/২৪ , আনাৰস- ₹ ১৫, কোমোৰা -₹৯, তিয়ঁহ -₹৮, কেৰেলা ₹৩০, জিকা ₹৩০, লেচেৰা মাহ- ₹৩৪, বিলাহী -₹৮, ভেন্দি- ₹২০, বন্ধা কবি- ₹১১, গাজৰ -₹২১, আলু- ₹২০, বিন - ₹২৪, বিত - ₹২১, নহৰু ₹১৩৯ । কোনো জিলাত উক্ত সামগ্ৰীৰ বজাৰ মূল্য নিৰ্ধাৰিত Base Priceতকৈ কম হোৱা দেখা দিলে, সেই জিলাত এখন জিলা পৰ্যায়ৰৰ কমিটিৰ দ্বাৰা Base Price পুনৰ নিৰ্ধাৰণ কৰা হয় । ইয়াৰ লগতে বৃহৎ ব্যৱসায়ীয়ে যাতে বজাৰ নিজৰ দখললৈ নিব নোৱাৰে তাৰ বাবে প্ৰতি হেক্টৰত হোৱা উৎপাদনত চিলিং নিৰ্ধাৰণ কৰি দিছে। কৃষি বিভাগে এই  সমগ্ৰ কাম নিয়াৰিকৈ কৰাৰ বাবে  সমবায় বিভাগ আৰু স্থানীয় নিকায় ব্যৱস্থাৰ যৌথ উদ্যোগত দাম নিৰ্ধাৰণ কৰিছে। কৃষি বিভাগ,  Vegetable and Fruit Promotion Council Keralam ( ই হৈছে ৰাজ্যখনত  কৃষিৰ উন্নয়ন কৰাৰ গঠন কৰা এক কোম্পানী য'ত কৃষকৰ আত্ম সহায়ক গোটৰ ৫০%, কেৰালা চৰকাৰৰ ৩০% আৰু অন্য সংস্থাৰ ২০% শ্বেয়াৰ আছে) আৰু প্ৰাথমিক কৃষি সমবায় সমিতিয়ে স্থাপন কৰা সংগ্ৰহ কেন্দ্ৰত কৃষকসকলে উৎপাদিত সামগ্ৰী বেচিব পাৰিব। অসম চৰকাৰেও প্ৰকৃত অৰ্থত খেতিয়কক পৰ্যাপ্ত সাহায্য প্ৰদান কৰা আৰু উৎপাদিত ফচলৰ উচিত মূল্য পাবলৈ বজাৰখন সুৰক্ষিত কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিব নোৱাৰে নে?


নিত্য প্ৰয়োজনীয় বস্তুৰ দাম নিয়ন্ত্ৰণ

এনেকৈ শ্ৰমজীৱি জনতাৰ হাতলৈ পইচা অহাৰ সুবিধা প্ৰদান কৰাৰ লগতে কেৰালা চৰকাৰে নিশ্চিত কৰিছে যাতে হাতলৈ অহা টকা কেইটা দাম বৃদ্ধিয়ে কঢ়ি লৈ নাযায়। তাৰ বাবে দাম বৃদ্ধি ৰোধৰ এক  বিকল্প দাঙি ধৰিছে। আমি অসমত ৰেচনত পোৱা চাউল কেইটাক লৈয়ে সন্তুষ্ট কিন্তু গোটা মুগ,মাহ কাবুলি বুট,ল'বিয়া,ৰহৰ দালি,শুকান জলকীয়া,ধনীয়া,চেনি, বিভিন্ন ধৰণৰ চাউল, নাৰিকল তেলকে ধৰি ১২ বিধ অত্যাৱশ্যকীয় সামগ্ৰী কেৰালাৰ  চৰকাৰে 'মাভেলী' দোকানৰ জৰিয়তে ৰেচন কাৰ্ড থকা ব্যক্তিক  বজাৰৰ মূল্যতকৈ ৭০ শতাংশ পৰ্যন্ত ৰেহাই দামত ক্ৰয় কৰিব পৰাৰ ব্যৱস্থা কৰি দিছে। দাম বৃদ্ধিয়ে আমাক কোঙা কৰাৰ সময়ত যোৱা দুটা বছৰত কেৰালা চৰকাৰে ৯০০০ কোটি টকাৰ ৰাজসাহায্য প্ৰদান কৰি সমগ্ৰ ৰাজ্যত ১৬৩০ খন 'মাভেলী' দোকান চলাই আছে। যোৱা ছয়টা বছৰত এক পইচাও মূল্যবৃদ্ধি নোহোৱাকৈ এই কেইপদ বস্তু জনসাধাৰণৰ মাজত দি থাকিব পৰা এই ব্যৱস্থাটোৱেই কেৰালা চৰকাৰে দেখুৱাই  দিয়া বিকল্প।


স্বাস্থ্য

মানুহৰ হাতত জমা থকা পইচা সাধাৰণতে চিকিৎসা সেৱা লাভ কৰিবলৈ খৰচ কৰি  শেষ হৈ যোৱা দেখা যায়। কেৰালাৰ স্বাস্থ্যসেৱা ব্যৱস্থা উন্নত কৰাৰ বাবে ৰাজ্য চৰকাৰে কিছু অভূতপূৰ্ব পদক্ষেপ গ্ৰহণ কৰি আহিছে। এক দশকৰো অধিক পূৰ্বে জমা হোৱা ৰাজহৰ ৪০% গ্ৰামাঞ্চললৈ যোগান ধৰাৰ সিদ্ধান্ত লৈছিল চৰকাৰখনে। এইবোৰে কেৰালাৰ গ্ৰাম্য অঞ্চলসমূহত স্বাস্থ্যসেৱা ব্যৱস্থাক শক্তিশালীভাৱে গঢ়ি তোলাত সহায় কৰিছিল। কেৰালাত স্বাস্থ্যসেৱা খণ্ডত ব্যাপক অগ্ৰগতি দেখা গৈছে। তাৰ এটা প্ৰধান উদাহৰণ চেৰুথাজাম কেন্দ্ৰ। অঞ্চল এটা আৰু ইয়াৰ আশে-পাশে থকা নাগৰিকসকলৰ স্বাস্থ্য যাতে ভাল হয় তাৰ বাবে এই পৰিয়াল স্বাস্থ্য কেন্দ্ৰসমূহে উল্লেখযোগ্য ভূমিকা পালন কৰে। প্ৰতিটো পৰিয়াল স্বাস্থ্য কেন্দ্ৰত ৩ জন চিকিৎসক, ৪ জন নাৰ্ছ, ১ জন দন্ত চিকিৎসক, ১ জন ফাৰ্মাচিষ্ট, আৰু ১ জন লেব টেকনিচিয়ান থাকে। ঔষধ আৰু পৰামৰ্শ বিনামূলীয়া হ’লেও পৰীক্ষাগাৰৰ সেৱাৰ বাবে সামান্য মাচুল প্ৰদান কৰিব লাগে। বহিঃৰোগীৰ অপেক্ষাৰ স্থান, পৰীক্ষাগাৰ, শিশু ঘৰৰ ব্যৱস্থা এই সমূহত দেখা যায়।

এক শক্তিশালী ৰাজহুৱা স্বাস্থ্য খণ্ডৰ প্ৰতিফলন শিশুৰ মৃত্যুৰ হাৰ , প্ৰসূতি মৃত্যুৰ হাৰ আৰু গড় আয়ুসৰ পৰিসংখ্যাত দেখা গৈছে।  শিশুৰ মৃত্যুৰ হাৰ হৈছে প্ৰতি হাজাৰটা শিশুৰ জন্মৰ বিপৰীতে এবছৰ বয়সলৈকে মৃত্যু হোৱা শিশুৰ সংখ্যা।  ১৯৪১-১৯৫০ চনৰ  কেৰালাত শিশুৰ মৃত্যুৰ হাৰ  আছিল ১৫৩ আৰু ভাৰতত আছিল ১৯২ । ২০২০ চনত কেৰালাৰ শিশুৰ মৃত্যুৰ হাৰ  হ'লগৈ ৬, ভাৰতৰ ২৮। অসমত এই হাৰ ৩৬।  ১৯৫১ চনত প্ৰসূতি মৃত্যুৰ হাৰ কেৰালাত আছিল ১১০ আৰু ভাৰতত ৩০১ ২০১৭-১৯ চনত কেৰালাত এই সংখ্যা ৩০, ভাৰতত ১০৩, অসমত আকৌ দেশৰ ভিতৰতে সৰ্বাধিক ২০৫ । ১৯৫১ চনত ৰাজ্যখনৰ গড় আয়ুস  আছিল মাত্ৰ ৪৮ বছৰ আৰু দেশৰ গড় আয়ুস তাতকৈ কম -৪১.৯ বছৰ। ২০১৫-১৯ চনলৈ কেৰালাত গড় আয়ুস ৭৫.২ বছৰ , ভাৰতত ৬৯.৭ বছৰ, অসমত ৬৭.৫ বছৰ ।


শিক্ষা :  কেৰালাৰ অন্য এক বৃহৎ সফলতা তাৰ  শক্তিশালী ৰাজহুৱা শিক্ষা ব্যৱস্থা। শিক্ষাৰ ক্ষেত্ৰত কেৰালাই এক অনন্য স্থান দখল কৰি আহিছে।  ঔপনিৱেশিক কালতেই  কেৰালাত সাক্ষৰ হাৰ আছিল ৪০.৭ শতাংশ যিটো ৰাষ্ট্ৰীয় গড়তকৈ আছিল ২৪.১ শতাংশ অধিক । ২০০১ চনলৈকে এই  ব্যৱধান কমা নাছিল বৰঞ্চ  ২৬.০২ শতাংশলৈ  বৃদ্ধি পাইছিল । ২০২১ চনত ৯৬.২ শতাংশৰে ৰাজ্যখন প্ৰায় সম্পূৰ্ণ সাক্ষৰ হৈ পৰিছে। ইয়াৰ মূল কাৰণ আছিল ৰাজহুৱা বিদ্যালয়ৰ বৃহৎ নেটৱৰ্ক আৰু ৰাজ্য চৰকাৰৰ অধিক ব্যয়।


আজি নামভৰ্তিৰ হাৰ প্ৰাথমিক পৰ্যায়ত ১০০ বুলিবই পাৰি, কিন্তু শিক্ষাৰ সম্প্ৰসাৰণ হ'লেও বিদ্যালয়ত উপস্থিতি হ্ৰাস পাইছে। আধাতে বিদ্যালয় এৰা ছাত্ৰ - ছাত্ৰীৰ সংখ্যা অৰ্থাৎ ড্ৰপ আউট কেৰালাত আটাইতকৈ কম ।  উচ্চতৰ মাধ্যমিক বিদ্যালয়ত  ৯০.৮ শতাংশ ল’ৰা আৰু  ৯৩.৬ শতাংশ ছোৱালীৰ উপস্থিতি দেখা যায়। অসমত  এই হাৰ ক্ৰমে ৫৯.৫ শতাংশ আৰু ৬২.৯ শতাংশ। অন্যহাতে গুজৰাটৰ গ্ৰাম্য অঞ্চলৰ উচ্চতৰ মাধ্যমিক পৰ্যায়ত মাত্ৰ ৪৫ শতাংশ ল'ৰা আৰু  ২৯.২ শতাংশ ছোৱালী বিদ্যালয়ত উপস্থিত থাকে। 


 নীতি আয়োগ অনুসৰি কেৰালাই ৭৬.৬ নম্বৰ লাভ কৰি দেশৰ ভিতৰতে শিক্ষাৰ ক্ষেত্ৰত সৰ্বোচ্চ স্থান লাভ কৰিছে । আজি যি সময়ত মধ্যবিত্ত শ্ৰেণীয়ে ক্ৰমান্বয়ে  ব্যক্তিগত বিদ্যালয়লৈ গতি কৰিছে কেৰালাত প্ৰথমৰ পৰা দশম শ্ৰেণীৰ ৭.৮ লাখতকৈ অধিক নতুন ছাত্ৰ-ছাত্ৰীয়ে যোৱা পাঁচ বছৰৰ ভিতৰত ব্যক্তিগত খণ্ডৰ পৰা চৰকাৰী বিদ্যালয়লৈ ঘূৰি আহিছে । ব্যক্তিগতখণ্ডৰ বিদ্যালয়ত ছাত্ৰ-ছাত্ৰীৰ সংখ্যা হ্ৰাস হোৱাৰ বিপৰীতে ৰাজহুৱা শিক্ষা ব্যৱস্থাত ছাত্ৰ-ছাত্ৰীৰ সংখ্যাও বৃদ্ধি পাইছে। 

এই সময়তে কেৰালা চৰকাৰে দেশৰ ভিতৰতে সর্বপ্রথমে সকলো চৰকাৰী বিদ্যালয়ৰ শ্ৰেণীকোঠা ডিজিটেল কৰি অভিলেখ সৃষ্টি কৰিছে । কেৰালাৰ চৰকাৰী বিদ্যালয়ত লেপটপ, প্ৰজেক্টৰ, ৱেব কেম, প্ৰিণ্টাৰকে ধৰি বিভিন্ন ডিজিটেল সামগ্ৰী যোগান ধৰা হৈছে। ২০১৬ চনত কেৰালাত গঠন হোৱা বাওঁপন্থী চৰকাৰে ক্ষমতালৈ অহাৰ পিছত ৰাজহুৱা শিক্ষা শক্তিশালী কৰাৰ মিছন গ্ৰহণ কৰি সকলো চৰকাৰী শ্ৰেণীকোঠা অন্তৰ্জাতিক মানসম্পন্ন কৰা আৰু হাই-টেক আই-টি লেব গঢ়ি তোলাৰ প্ৰচেষ্টা হাতত লৈছিল আৰু তাৰ বাবে Kerala Infrastructure and Technology for Education (KITE) স্থাপন কৰিছিল । সেই মিছনৰ অংশ হিচাপে ৰাজ্যখনৰ অষ্টম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীৰ  ৪৫ হেজাৰ শ্ৰেণী কোঠাত প্ৰদান কৰা হৈছে লেপটপ, প্ৰজেক্টৰ, স্ক্ৰীন আৰু সেইয়া বিদ্যালয়ত স্থাপন কৰা ষ্টুডিওৰ সৈতে সংযুক্ত কৰা হৈছে আৰু প্ৰথম শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীলৈ ১১হেজাৰ  কম্পিউটাৰ লেবযুক্ত এটা স্মাৰ্ট শ্ৰেণীকোঠা  গঢ়ি তোলা হৈছে । এই ডিজিটেল ব্যৱস্থাত শিক্ষা দানৰ বাবে ১লাখ ৮৩হেজাৰ ৪৪০ গৰাকী শিক্ষকক বিশেষভাৱে প্ৰশিক্ষণ দিয়া হৈছে ।  মূলতঃ ৰাজহুৱা শিক্ষাৰ সামগ্ৰিক বিকাশ কৰাৰ বাবে এই পদক্ষেপ কেৰালা চৰকাৰে গ্ৰহণ কৰা 'ৰাজহুৱা শিক্ষা ৰক্ষা মিছনৰ' অংশ । যি সময়ত চৰকাৰী স্কুল বন্ধ কৰাকলৈ আলোচনা চলে, কেৰালাত এনে কথা অতীত হৈ পৰিছে। চৰকাৰে চৰকাৰী বিদ্যালয় উন্নত কৰি নতুন ছাত্ৰ-ছাত্ৰীক আকৃষ্ট কৰি 'জনগণৰ শিক্ষা মডেল ' ৰ অনন্য বিকল্প তুলি ধৰিছে।


বাসস্থান :

সকলো আছে কিন্তু মাটি, ভেটি আৰু ঘৰ নাথাকিলে সকলো অসাৰ যেন লাগে। দেশৰ বাকী অংশতকৈ কেৰালাত বাসস্থানৰ অৱস্থা যথেষ্ট উন্নত। ভূমিহীনৰ সংখ্যা কম আৰু ৮০ শতাংশ ঘৰ পকা আছিল । ইয়াৰ বিপৰীতে ৰাষ্ট্ৰীয় গড় ৬৫ শতাংশ। ২০১১ চনলৈ কেৰালাৰ ৭৭ শতাংশ ঘৰৰ চৌহদত খোৱাপানীৰ ব্যৱস্থা আছে। ভাৰতত এই হাৰ আছিল ৫১ শতাংশ। সমগ্ৰ দেশে ৬৭ শতাংশ ঘৰত বিদ্যুৎ সংযোগ থকাৰ বিপৰীতে কেৰালাৰ ৯৫ শতাংশ ঘৰত বিদ্যুৎ সংযোগ। শৌচালয় আছে ৯৫ শতাংশ ঘৰত আনহাতে ভাৰতত মাত্ৰ ৪৭ শতাংশ ঘৰতহে শৌচালয় আছে। কেৰালাৰ ৯৩ শতাংশ ঘৰত এটাতকৈ অধিক কোঠা আছে, আনহাতে ভাৰতত এই হাৰ মাত্ৰ ৫৯ শতাংশ। কেৰালাত সত্তৰৰ দশকৰ আৰম্ভণিতে এক লাখ গৃহ নিৰ্মাণ আঁচনি প্ৰস্তুত কৰা হৈছিল এই আঁচনিখনে ভূমি সংস্কাৰৰ জৰিয়তে মাটি প্ৰদান কৰা লোকসকলৰ বাবে ঘৰৰ ব্যৱস্থা কৰিছিল।  এই বৰ্ষত চৰকাৰে ৰাজ্যখনত ২০ লাখতকৈ অধিক ঘৰ নিৰ্মাণ কৰিব আৰু কেৰালাত সকলোৰে নিজা ঘৰ থকা এক ৰাজ্যলৈ ৰূপান্তৰ হ'ব।


এইয়া কিছু উদাহৰণহে। কেৰালাৰ জনমুখী নীতিয়ে দৰিদ্ৰতা নিৰ্মূল কৰা আৰু জনমূৰি আয় বৃদ্ধি কৰাত অভূতপূৰ্ব সফলতা লাভ কৰিছে। দুখীয়া ৰাজ্যৰ তালিকাত অসম ৩২.৬৭ শতাংশৰে ষষ্ঠ স্থান অধিকাৰ কৰাৰ বিপৰীতে ০.৭১ শতাংশৰে

কেৰালা  শেষত। এই সম্পৰ্কে আৰু গভীৰ আলোচনা প্ৰয়োজন।বিশ্বায়নৰ প্ৰত্যাহ্বানৰ সন্মুখীন হৈ আৰু কেন্দ্ৰীয় চৰকাৰে আৰোপ কৰা  বৈষম্যৰ পিছতো কেৰালাই ৰাজহুৱা খণ্ড, স্বাস্থ্য, শিক্ষা, আদিৰ ক্ষেত্ৰত এক বিকল্প নীতি গ্ৰহণ কৰি অতি ইতিবাচক ফলাফল লাভ কৰিছে। এই ফলাফলসমূহে  সামাজিক সুৰক্ষা প্ৰদান কৰিছে আৰু ক্ষুধা আৰু দৰিদ্ৰতা সাংঘাতিকভাৱে হ্ৰাস কৰিছে। গণতান্ত্ৰিক বিকেন্দ্ৰীকৰণ, ৰাজহুৱা খণ্ডত ব্যয় বৃদ্ধি আৰু জনসাধাৰণৰ অংশগ্ৰহণেৰে এনে কাৰ্যসূচী ৰূপায়ণ কৰি উজলি উঠিছে কেৰালা। এনে নীতিৰ প্ৰণেতা কেৰালাৰ চি পি আই( এম) নেতৃত্বাধীন বাঁওপন্থী চৰকাৰ। কেৰালা চৰকাৰে দেখুৱাইছে যে সঠিক ৰাজনৈতিক নীতিৰ দ্বাৰা সকলো সম্ভৱ। এইয়াই  কেৰালা মডেল : বাঁওপন্থীৰ বিকল্প!