Tuesday, March 14, 2023

মাৰ্ক্সলৈ উভতি চোৱা

মাৰ্ক্সলৈ উভতি চোৱা নিৰংকুশ নাথ
হাইগেট সমাধি ক্ষেত্ৰলৈ গ'লে ঊনবিংশ শতাব্দীৰ দুজন দাৰ্শনিকৰ সমাধি একেলগে দেখিবলৈ পোৱা যায়। এজন আছিল সেই সময়ৰ এৰিষ্ট'টেল বুলি বিখ্যাত আৰু এজন সেই সময়ৰ সাধাৰণ ব্যক্তি যিজনে নিজৰ বন্ধুৰ ধাৰে দিয়া টকাৰে হেম্পস্তিদৰ দাঁতিকাষৰীয়া অঞ্চলত বাস কৰিছিল। প্ৰথমজনক আজি কোনেও বিচাৰি নাযায়, তেওঁৰ সমাধি তাত আছে বুলি কোনেও নাজানে- তেওঁ হ'ল হাৰ্বাট স্পেঞ্চাৰ। আনজনৰ সমাধি চাবলৈ, ফুলৰ থোপা যাচিবলৈ বিশ্বৰ বিভিন্ন প্ৰান্তৰ মানুহ সমাগত হয়, তেওঁ হ'ল কাৰ্ল মাৰ্ক্স। বি চি চিয়ে আয়োজন কৰা সহস্ৰাব্দৰ মহত্বম চিন্তাবিদৰ ভোট গ্ৰহণত কাৰ্লমাৰ্ক্সৰ নাম সৰ্বপ্ৰথম হৈছিল। Google ত দাৰ্ৱিন আৰু আইনষ্টাইনৰ পিছতেই তেওঁৰ সৰ্বাধিক search। মাৰ্ক্সে এনে কি উদ্ভাৱন কৰিছিল যাৰ বাবে আজিও তেওঁ প্ৰাসংগিক। আজি ১৪ মাৰ্চ, ২০২৩। তেওঁৰ ১৪০ সংখ্যক মৃত্যুবাৰ্ষিকী। ১৮৮৩ চনত তেওঁৰ বন্ধু ফ্ৰেডেৰিখ এংগেলছে তেওঁৰ মৃত্যুত এই বুলি কৈছিল - "পৃথিৱীৰ শ্ৰেষ্ঠ চিন্তাবিদ গৰাকীৰ স্তব্ধ হৈ পৰিল চিন্তাৰ স্ৰোত" । আজিৰ পৃথিৱীৰখন সেই সময়তকৈ বহুত বেলেগ হ'ল। বিভিন্ন পৰিৱৰ্তন হ'ল দুখন বিশ্বযুদ্ধ, টেলিভিছন, ইণ্টাৰনেট, ফেচবুক সকলো দিশতে পৰিৱৰ্তন হ'ল। তথাপি মাৰ্ক্স অপৰিহাৰ্য কিয়? প্ৰথম কাৰণ হ'ল যে মাৰ্ক্স এনে এজন ব্যক্তি আছিল যিজনে পৃথিৱীখন পৰীক্ষা কৰাৰ ক্ষেত্ৰত এক মৌলিক অৱদান আগবঢ়ালে। সেই পৰ্য্যায়ত তেওঁ প্লেট, এৰিষ্ট'টল, কপাৰ্নিকাছ, গেলিলিঅ', নিউটন, দাৰ্ৱিন, ফ্ৰয়দ আৰু আইনষ্টাইনৰ সমকক্ষ। ইতিহাসৰ বস্তুবাদী ধাৰণাৰ উদ্ভাৱক তেওঁ। একেবাৰে সাধাৰণ এটা ধাৰণা যে মানুহে ৰাজনীতি, কলা, ধৰ্ম আদি আলোচনা কৰাৰ আগতে অন্ন, বস্ত্ৰ আৰু বাসস্থানৰ যোগাৰ কৰিব লাগিব। এই ধাৰণা ইমান শক্তিশালী যে তেওঁৰ বিৰোধীসকলেও নস্যাৎ কৰিব নোৱাৰে। দ্বিতীয়টে "সকলো কথাৰে উৰ্দ্ধত তেওঁ এজন বিপ্লৱী আছিল"। তত্ত্ব তেওঁৰ বাবে পৃথিৱীৰখন পৰিৱৰ্তন আহিলাহে। তেওঁৰ সমস্ত তত্ত্ব ইতিহাসৰ বস্তুবাদী ধাৰণা বা কেপিটল গ্ৰন্থৰ সকলো অৰ্থনৈতিক ব্যাখ্যা আছিল মূলতঃ শ্ৰমিক শ্ৰেণীৰ মুক্তিৰ লক্ষ্যৰেই। তেওঁৰ এজন সমসাময়িক ব্যক্তিয়ে মাৰ্ক্সৰ বৰ্ণনা এনেদৰে দিছিল "ৰুছ, ভলটেয়াৰ, হলবাখ, লেছিং, হায়নে আৰু হেগেলক মিশ্ৰণ কৰি এজন ব্যক্তি তৈয়াৰ কৰা হ'ল আৰু তেওঁয়ে মাৰ্ক্স। তেওঁ বিপ্লৱত অংশগ্ৰহণ নকৰি কেৱল বৌদ্ধিক দিশত মনোনিৱেশ কৰা হ'লে এজন ধনী, বিখ্যাত বুদ্ধিজীৱী হিচাপে মৃত্যুবৰণ কৰিলেহেঁতেন। মাৰ্ক্সে সমাজবাদী বিপ্লৱৰ বাবে জীৱনত বহুত দুখ-কষ্ট স্বীকাৰ কৰিবলগীয়া হৈছিল। পুলিচৰ পৰা পলাই সমগ্ৰ ইউৰোপ ঘূৰি ফুৰিছিল। এখন শ্ৰেণীহীন সমাজ প্ৰতিষ্ঠাৰ স্বাৰ্থত তেওঁ চৰম দাৰিদ্ৰতা আঁকোৱালি লৈছিল। বিশ্বায়নৰ যুগত মাৰ্ক্সৰ প্ৰাসংগিকতা বৃদ্ধি পাইছে। পুঁজিবাদৰ বিকাশৰ লগে লগে পুঁজি কেন্দ্ৰীভূত হ'বলৈ ধৰে। আজি পৃথিৱীৰ এক শতাংশ মানুহৰ হাতত পৃথিৱীৰ ৬৬% সম্পদ গোট খাইছে। এই কেন্দ্ৰীভূত হোৱাৰ বাবে এক বিশ্ব ব্যৱস্থা প্ৰতিষ্ঠা হ'ল যাক আমি বিশ্বায়ন বুলি কওঁ। এই ব্যৱস্থাৰ মাজেৰেই আৰু অধিক মুনাফা অৰ্জনেই কেন্দ্ৰীভূত পুঁজিৰ লক্ষ্য। কোনো বাধা নোহোৱা এক ব্যৱস্থা লাগে যাতে সমগ্ৰ পৃথিৱীয়ে ইয়াৰ বিচৰণভূমি হ'ব পাৰে। এই কাম সূচাৰুৰুপে পৰিচালনা কৰাৰ বাবেই আন্তৰ্জাতিক মুদ্ৰা ভাণ্ডাৰ, বিশ্ব বেংক আৰু বিশ্ব বাণিজ্য সংস্থাৰ সৃষ্টি। পুঁজিৰ এই বৈশিষ্ট্য সম্পৰ্কে মাৰ্ক্সে মেনিফেষ্টত এনেদৰে উল্লেখ কৰিছিল- "উৎপাদিত বস্তুৰ বাবে সঘনে সম্প্ৰসাৰিত বজাৰ এখনৰ প্ৰয়োজনীয়তাই গোটেই বিশ্বজুৰি বুৰ্জোৱা শ্ৰেণীক খেদি ফুৰিছে। সকলো ঠাইতে এই শ্ৰেণীয়ে খোপনি ল'ব লাগিব, সকলো ঠাইতে বসবাস কৰিব লাগিব আৰু সৰ্বত্ৰ নিজৰ সম্পৰ্ক গঢ়ি তুলিব লাগিব।" সেয়ে হয়তো একেবাৰে পশ্চাৎপদ চৰ অঞ্চলত হস্পিতাল নাথাকিলেও ভদাফোনৰ ৰিচাৰ্জ পোৱা যায়। এই ব্যৱস্থা বাহাল ৰাখিবলৈ পুঁজিবাদে সকলো ধৰণৰ ৰাজনৈতিক আৰু সামৰিক ব্যৱস্থা গ্ৰহণ কৰে। বিভিন্ন দেশৰ চৰকাৰ নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা চলায়। ক'বলৈ গ'লে "আধুনিক ৰাষ্ট্ৰৰ কাৰ্য্যপালিকা হ'ল আচলতে গোটেই বুৰ্জোৱা শ্ৰেণীৰে উমৈহতীয়া কাম-কাজ পৰিচালনাৰে গঠিত এখন কমিটি মাত্ৰ।" আমাৰ দেশৰ মোডী চৰকাৰে ক্ষমতালৈ অহাৰ পিছত দেখা পোৱা গ'ল যে নিৰ্বাচনৰ সময়ত সহায় কৰা আদানীৰ সম্পত্তিৰ পৰিমাণ 46% বৃদ্ধি হ'ল আৰু আম্বানী দেশৰ 80% মিডিয়া হাউচৰ গৰাকী হ'ল। এই আলম মতেই পৃথিৱীৰ বিভিন্ন প্ৰান্তত চলি থকা সামৰিক আধিপত্যও ব্যাখ্যা হয়। বিশেষকৈ যোৱা সময়ত আমেৰিকাৰ বৈদেশিক নীতি আমেৰিকাৰ এক শতাংশই নিয়ন্ত্ৰণ কৰি আহিছে আৰু ইয়াৰ ফলতেই মধ্য প্ৰাচ্যত চলি আছে নৰহত্যা। আইচিছৰ জন্মৰ আঁৰত আমেৰিকান পুঁজিপতিৰ স্বাৰ্থ জড়িত হৈ আছে। ডাচ কেপিটেলত মাৰ্ক্সে পুঁজিৰ বৰ্বৰতা সম্পৰ্কে লিখিছিল- "পৰ্য্যাপ্ত মুনাফা লাভ কৰিলে, পুঁজি যথেষ্ট শক্তিশালী হৈ উঠে। 10% মুনাফা নিশ্চিত হ'লে ই পৃথিৱীৰ যিকোনো ঠাইতে নিয়োজিত হ'বলৈ প্ৰস্তুত, 20% উৎসুকতাৰ সৃষ্টি কৰে, 50% ইতিবাচক ঔদ্ধতালি, 100% নিশ্চয়তাই সকলো মানৱীয় আইন মোহাৰি পেলাবলৈ প্ৰস্তুত কৰে আৰু 300% নিশ্চয়তা থাকিলে এনে কোনো অপৰাধ নাই যি নকৰে বা নিজৰ মালিকৰ ফাঁচিৰ সম্ভাৱনাও ভ্ৰূক্ষেপ নকৰে।" বজাৰেই নহয়, বিশ্বায়নে দেশীয় ভাষা, সংস্কৃতিকো গ্ৰাস কৰিছে। জাতি বিশেষকৰ বৌদ্ধিক সৃষ্টিসমূহ সাধাৰণ সম্পত্তিত পৰিণত কৰিছে। পুঁজিবাদে সকলো বস্তু পণ্যলৈ ৰুপান্তৰিত কৰিছে। শিক্ষা, স্বাস্থ্য এতিয়া পণ্য। বিজ্ঞানৰ আৱিষ্কাৰসমূহো পণ্য, যি পণ্যলৈ বিজ্ঞানীসকলে কিনা-বেচাত(এণ্টিক্স কেলেংকাৰীত) লিপ্ত হৈছে। মানুহৰ ব্যক্তিগত প্ৰেম তথা যৌন আশা-আকাংক্ষাও পণ্য। আইচক্ৰীম, ফলৰ ৰস বা কণ্ডমৰ বিজ্ঞাপনৰ মাজত যেন কোনো পাৰ্থক্য নাই, মানৱীয় সম্পৰ্ক চুই নোযোৱাকৈ থকা নাই। মেট্ৰ নগৰীসমূহত যি হাৰত বিবাহ বিচ্ছেদ ঘটিছে ই তাৰেই প্ৰমাণ। যিবিলাক বৃত্তিক মানুহে ইমান দিনে শ্ৰদ্ধা কৰিছিল এই বুৰ্জোৱা শ্ৰেণীয়ে সেই বৃত্তিবিলাকৰ সকলো মহিমা বিনষ্ট কৰি দিছে। ডাক্তৰ, উকীল, ধৰ্মযাজক, কবি, বিজ্ঞানী সকলোকে ই নিজৰ দৰ্মহা খোৱা মজুৰি শ্ৰমিকলৈ ৰুপান্তৰিত কৰিছে। বুৰ্জোৱা শ্ৰেণীয়ে পৰিয়ালৰ আৱেগিক আৱৰণটো খুলি পেলাইছে আৰু পৰিয়াল সম্পৰ্কক টকাৰ সম্পৰ্কত পৰিণত কৰিছে। পুঁজিবাদৰ বিকল্প নাই বুলি অট্টহাস্য কৰিলেও পুঁজিবাদ বাৰে বাৰে সংকটত পোত যায়। 2008 চনত আকৌ সংকট জৰ্জৰিত হ'ল পুঁজিবাদী ব্যৱস্থা। মুনাফা লাভৰ আকাংক্ষাই শ্ৰমিক চাটাই তথা শ্ৰমিকৰ দৰমহা কৰ্তনৰ পথ ল'বলৈ বাধ্য কৰালে। ফলত পুঁজিবাদে উৎপাদন কৰা সামগ্ৰী কিনিব নোৱাৰা হ'ল অসংখ্যজনে। 2008 চনত আমেৰিকাতা হাউচিং মাৰ্কেট খহি পৰিল। Fiction Capital নামত ষ্টক মাৰ্কেট চলি আছিল আৰু ই খহি পৰিল। কৰ্মসংস্থাপনহীনতা পুঁজিবাদৰ চিৰ লগৰী। যিসকলৰ চাকৰি হয় তেওঁলোকে কম দৰমহাত চাকৰি কৰিবলৈ বাধ্য হয়। সৃষ্টি হয় এক 'শ্ৰমিকৰ ৰিজাৰ্ভ বাহিনী'। সংকটত জৰ্জৰিত পুঁজিবাদৰ বিৰুদ্ধে আন্দোলন সৃষ্টি হয়। 'অকিউপাই' আন্দোলন তাৰেই এক নমুনা। একোটা নিৰ্দিষ্ট সময়ৰ মূৰে মূৰে নিয়মীয়াকৈ দেখা দিয়া বাণিজ্যিক সংকটসমূহে প্ৰতিবাৰেই অধিকতৰ ভাবুকিৰে সমস্ত বুৰ্জোৱা শ্ৰেণীৰ অস্তিত্বক অগ্নি পৰীক্ষাৰ সন্মুখীন কৰি তুলিছে। মাৰ্ক্সে পুঁজিবাদ বিশ্লেষণ কৰি যান্ত্ৰিক বস্তুবাদীসকলৰ দৰে বহি নাথাকিল। তেওঁ আৱাজ তুলিছিল- "দাৰ্শনিকসকলে বিশ্ব সম্পৰ্কে বিশ্লেষণ আগবঢ়াইছে, পিছে আচল কথা পৰিৱৰ্তন কৰাটোহে।" তেওঁ জাৰ্মান দৰ্শনক বিকশিত কৰি শ্ৰমিক শ্ৰেণী, যি পুঁজিপতি শ্ৰেণীৰ 'কবৰ খান্দোতা'ৰ হাতত দ্বন্দ্বমূলক বস্তুবাদৰ দৰ্শন তুলি দিলে। মাৰ্ক্সৰ লগতে এংগেলচে হেগেলৰ দ্বন্দ্বাত্মক পদ্ধতিৰ পৰা ভাৱবাদী দৰ্শন আঁতৰাই আৰু ফয়েৰবাখৰ বস্তুবাদী দৰ্শনৰ যান্ত্ৰিকতাক নেওচি দ্বন্দ্বমূলক বস্তুবাদৰ সৃষ্টি কৰিলে। দ্বন্দ্বমূলক বস্তুবাদী দৰ্শনৰ সহায়েৰে সমাজ বিশ্লেষণ কৰোতে ইতিহাস চৰ্চাৰ নতুন দিশ উদ্ভাৱন হ'ল ইতিহাসৰ বস্তুবাদী ধাৰণা। এই ধাৰণাই ইতিহাস বিশ্লেষণক দুই ক্ৰটিৰ পৰা মুক্ত কৰিলে। ইতিহাস বৰ্ণিত হোৱা ঘটনাসমূহৰ বিশ্লেষণ কেৱল সেই সময়ৰ মতবাদসমূহৰ অধ্যয়ন নহয় বৰঞ্চ মতবাদটি সৃষ্টি হোৱাৰ বস্তুগত দিশ সম্পৰ্কে অধ্যয়ন কৰা উচিত। বুৰঞ্জী কেৱল ৰজা-মহাৰজাৰ কৰ্ম-কাণ্ড নহয় বৰঞ্চ সেই সময়ৰ সামাজিক জীৱনৰ লগত জড়িত। ইংলেণ্ডৰ অৰ্থনৈতিক ৰাজনীতিৰ ভেটি সৃষ্টিকৰ্তা আদাম স্মিথ আৰু ডেভিদ ৰিকাৰ্ডওৰ তত্ত্বসমূহ প্ৰমাণ কৰাৰ লগতে বিকশিত কৰি তুলি পুঁজিবাদ অধ্যয়ন কৰিলে। পণ্য উৎপাদনৰ বাবে প্ৰয়োজন হোৱা সামাজিক শ্ৰমৰ সময় তথা উৎপাদন ব্যৱস্থা আৰু উৎপাদন সম্পৰ্কৰ দ্বন্দ্ব পোহৰলৈ আনিলে। সৃষ্টি হ'ল উদ্ধৃত মূল্যৰ তত্ত্ব। পৰিৱৰ্তনকামী মানুহৰ হাঠিয়াৰ হিচাপে আৱিৰ্ভাব হোৱা ফৰাচী সমাজবাদক বিকশিত কৰি সৃষ্টি কৰিলে বৈজ্ঞানিক সমাজবাদ। দেখুৱাই দিলে পুঁজিবাদী ব্যৱস্থাৰ ধ্বংস অৱশ্যম্ভাৱী। 'পৃথিৱীৰ ইতিহাস শ্ৰেণী সংগ্ৰামৰ ইতিহাস।' সৃষ্টি হ'ল শ্ৰণী সংগ্ৰাম তত্ত্ব। বৰ্তমান সময়ত 'শ্ৰেণী সংগ্ৰামৰ ইতিহাস' মোচন কৰি উত্তৰ আধুনিকতাবাদৰ দৰ্শনেৰে 'পুঁজিবাদেই ইতিহাসৰ শেষ স্তৰ' বুলি ক'ব খোজা সকলে 'পৰিচিত সত্ত্বাৰ ৰাজনীতি' আৰু 'সভ্য সমাজ'ৰ আন্দোলনত গুৰুত্ব দিয়ে। 'পৰিচিত সত্ত্বাৰ ৰাজনীতি'ক শ্ৰেণী সংগ্ৰামৰ মাজলৈ আনি বৃহৎ গণতান্ত্ৰিক আন্দোলন সৃষ্টি কৰাৰহে প্ৰয়োজন। বৰ্তমান ভাৰতৰ সমাজ ব্যৱস্থাত সমাজতন্ত্ৰলৈ গতি কৰিবলৈ, শ্ৰমিক শোষিত জনগণৰ মুক্তিৰ বাবে 'বিপ্লৱৰ প্ৰথম ঢাপ হৈছে সৰ্বহাৰাক শাসন শ্ৰেণীৰ পৰ্য্যায়লৈ উন্নীত কৰা, গণতন্ত্ৰৰ যুঁজখন জয় কৰা।' সাম্যবাদ য'ত প্ৰতিজন মানুহৰ মুক্ত বিকাশেই হ'ব সকলোৰে মুক্ত বিকাশৰ চৰ্ত স্থাপন কৰাৰ যুঁজখন আগুৱাই নিওতে প্ৰতিক্ৰিয়াশীল শাসক শ্ৰেণীয়ে বিভিন্ন বাধা দিব কিন্তু আমি আগুৱাই যাবই লাগিব, ইতিহাসৰ পৰা শিক্ষা ল'ব লাগিব। যুৱ সমাজে আজি মাৰ্ক্সবাদ অধ্যয়ন আৰু প্ৰয়োগ কৰি পৰিৱৰ্তনৰ যুঁজ আগুৱাই নিব লাগিব।

1 comment: