Sunday, March 5, 2023

কেৰালা মডেল : এক জনমুখী বিকল্প

 



কেৰালা মডেল : এক জনমুখী বিকল্প

- নিৰংকুশ নাথ


কেন্দ্ৰীয় চৰকাৰৰ অধীনত থকা হিন্দুস্তান নিউজপ্ৰিন্ট লিমিটেড নামৰ কাগজকলটো ২০১৭ চনত লোকচান হোৱাৰ দোহাই দি ব্যক্তিগতকৰণ কৰিব বিচৰা হৈছিল। কিন্তু কেৰালা চৰকাৰে বন্ধ হৈ থকা কাগজ কলটো কেৰালা পেপাৰ প্ৰডাক্টছ লিমিটেড নামেৰে পুনৰ আৰম্ভ কৰিলে। কেৰালাৰ চি পি আই(এম) নেতৃত্বাধীন বাঁওপন্থী চৰকাৰে এক দীৰ্ঘকালীন ন্যায়িক যুঁজৰ পিছত এই কাগজকল নিজৰ হাতলৈ আনে। অন্যহাতে অসমত আমি দেখিছোঁ কেনেকৈ নগাঁও কাগজ কল আমাৰ সন্মুখতেই নোহোৱা হ'ল। আমি অসমে এনে প্ৰত্যাহ্বান গ্ৰহণ কৰিব নোৱাৰিলোঁহেতেন নে? 

মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাই অসমক দেশৰ প্ৰথম পাঁচখন উন্নত ৰাজ্যৰ তালিকাত ৰাখিব বিচাৰিছে । তেওঁ এই বক্তব্য মুখ্যমন্ত্ৰী হোৱাৰ আগৰ পৰাই ৰাখি আহিছে। কিন্তু এইয়া কেনেকৈ সম্ভৱ হ'ব? অসমৰ গৰিষ্ঠ সংখ্যক মানুহ অৰ্থাৎ কৃষক, শ্ৰমিক, মধ্যবিত্তৰ উন্নয়নৰ অবিহনে এইয়া সম্ভৱ জানো? অসমক উন্নয়নৰ দিশে আগুৱাই নিবলৈ আমি কেনে নীতি গ্ৰহণ কৰিব লাগিব? আমি দেখিছোঁ যে ভাৰত চৰকাৰে গ্ৰহণ কৰা আৰ্থিক নীতিৰ ফলত সাধাৰণ খাটি খোৱাৰ অৱস্থাৰ উন্নত হোৱা নাই কাৰণ এই নীতি বৃহৎ পুজিপতিৰ স্বাৰ্থত। ফলস্বৰূপে দেশৰ ধনী অধিক ধনী হৈছে, সাধাৰণৰ অৱস্থাৰ আৰু অৱনতি হৈছে। দেশৰ ১ শতাংশ মানুহৰ হাতত আজি ৪০ শতাংশ সম্পদ গোট খাইছে। ৰাজহুৱা খণ্ডক বন্ধু আম্বানী-আদানীৰ হাতত তুলি দিছে। আজি খাটি খোৱাৰ হাতত পইচা কম। যিকেইটা আহে সেইকেইটাও বস্তু বাহানীৰ দাম বৃদ্ধি, বৰ্ধিত চিকিৎসাৰ খৰছ, ঔষধৰ মূল্য বৃদ্ধি, ল'ৰা- ছোৱালীৰ টিউচন আদিত শেষ হয়। চাকৰি যদি কেইবাহাজাৰ ওলায়, প্ৰাৰ্থী থাকে লাখ লাখ।


 সেই একে নীতিকে অসমৰ চৰকাৰখনেও অনুসৰণ কৰিছে। কিন্তু এনে নীতি গ্ৰহণ কৰি অসমৰ ৰাইজৰ উন্নয়ন সাধন কৰিব পৰা যাব নে?।আমি দেখিছো যে সাধাৰণ জনগণৰ উন্নয়ন সাধন কৰিবলৈ সক্ষম হৈছে কেৰালা চৰকাৰে । কি কৰিছে তেওঁলোকে? তেওঁলোকৰ নীতি কেনেকুৱা? কিছু উদাহৰণ দাঙি ধৰি সেই সম্পৰ্কে এক চমু আলোচনা কৰিব বিচাৰিছোঁ।


মজুৰি আৰু ফচলৰ মূল্য

মানুহৰ হাতত পইচা তুলি দিয়াটো এক গুৰুত্বপূৰ্ণ বিষয়। মানুহৰ হাতত পইচা আহিলেহে বজাৰলৈ যাব পাৰিব আৰু বস্তু কিনিব পাৰিব। তেতিয়া বজাৰো চলিব আৰু আৰ্থিক উন্নতি হ'ব। মানুহৰ হাতত দান দক্ষিণাৰে পইচা তুলি দিব পাৰি অথবা তেওঁলোকৰ জীৱিকাৰ জৰিয়তে আয় বৃদ্ধি কৰাৰ বাবে নীতি গ্ৰহণ কৰি পাৰি। শ্ৰমিকৰ মজুৰি বৃদ্ধি কৰা আৰু কৃষকৰ উৎপাদিত সামগ্ৰীৰ উচিত মূল্য প্ৰদান কৰাৰ মাজেৰে সেয়া সম্ভৱ। কেৰালা চৰকাৰে দুয়োটা ক্ষেত্ৰত এক নিদৰ্শন দাঙি ধৰিছে।ভাৰতীয় ৰিজাৰ্ভ বেংকৰ প্ৰতিবেদন অনুসৰি গ্ৰামাঞ্চলৰ নিৰ্মাণ শ্ৰমিক, কৃষি শ্ৰমিক আৰু অকৃষি শ্ৰমিকৰ দৈনিক মজুৰি কেৰালাত সৰ্বাধিক। তাৰোপৰি কেৰেলা আৰু তাৰ পিছত থকা অন্যান্য ৰাজ্যসমূহত প্ৰদান কৰা মজুৰিৰ মাজত  ব্যৱধান যথেষ্ট বেছি। ২০২১-২২ বৰ্ষৰ  প্ৰতিবেদন অনুসৰি  কেৰালাৰ এজন নিৰ্মাণ শ্ৰমিকৰ দৈনিক গড় মজুৰি হৈছে ৮৩৭.৭ টকা। অন্যহাতে দৈনিক ৰাষ্ট্ৰীয় গড় মজুৰি ৩৭৩.৩ টকা। অসমত ই ৰাষ্ট্ৰীয় গড়ত কৈও কম । মাত্ৰ ৩৪১.১ টকা। সাধাৰণ কৃষি শ্ৰমিকৰ দৈনিক গড় মজুৰি কেৰালাত ৭২৬.৮টকা। ইয়াৰ বিপৰীতে ৰাষ্ট্ৰীয় গড় ৩২৩.২ টকা। অসমত মাত্ৰ ৩০৭.৬ টকা। কেৰালাৰ অকৃষি শ্ৰমিকৰ দৈনিক গড় মজুৰি ৬৮১.৮ টকা হোৱাৰ বিপৰীতে ৰাষ্ট্ৰীয় দৈনিক গড় মজুৰি ৩২৬.৬ টকা। অসমত মাত্ৰ ৩০৬.৪ টকা। আদৰ্শ ৰাজ্য হিচাপে প্ৰচাৰিত গুজৰাট ৰাজ্যখনে তিনিওটা শাখাতে তলৰ পাঁচখন ৰাজ্যৰ তালিকাত স্থান লাভ কৰিছে। 


অন্যহাতে কৃষকৰ হাতত পইচা তুলি দিয়াৰ বাবে কেৰালা চৰকাৰে নিৰ্ধাৰণ কৰি দিছে উৎপাদিত ফচলৰ মূল্য। আমি অসমত উৎপাদিত ফচলৰ উচিত মূল্যৰ অভাৱত খেতিয়কে ৰাস্তাত শাক-পাচলি পেলাই দিয়া দেখিছোঁ । অৱশ্যে চৰকাৰৰ হস্তক্ষেপে এনে চিত্ৰৰ পৰিৱৰ্তন কৰাই নহয়, নতুন চামক খেতি কৰিবলৈও উৎসাহিত কৰিব পাৰে। সাধাৰণতে কেন্দ্ৰীয় চৰকাৰে ২২ বিধ সামগ্ৰীৰ বাবে নূন্যতম সাহায্য মূল্য ( Minimum Support Price) ধার্য কৰি ৰাখিছে যদিও ইয়াৰ সকলো বিধ সামগ্ৰী আমাৰ ৰাজ্যখনত উৎপাদন নহয় আৰু তাতোকৈ ডাঙৰ কথা বেছিভাগ উৎপাদিত সামগ্ৰী ক্ৰয় কৰাৰ বাবে পৰ্যাপ্ত চৰকাৰী সংগ্ৰহ কেন্দ্ৰ নাই । এই ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰৰ যথেষ্ট কৰণীয় আছে আৰু সীমিত ক্ষমতাৰে ৰাজ্যসমূহেও বহুখিনি কৰাৰ থল আছে আৰু তাৰেই প্ৰমাণ কৰিলে কেৰালাই । কেৰালাই কৃষকে উৎপাদন কৰা শাক-পাচলি আৰু ফল-মূলৰ নূন্যতম মূল্য নিৰ্ধাৰণ কৰা দেশৰ একমাত্ৰ ৰাজ্য হিচাপে অনন্য নিদৰ্শন দাঙি ধৰিছে। কেৰালা চৰকাৰে ১৬ বিধ পাচলি আৰু ফলৰ Base price ঠিৰাং কৰিছে ।বজাৰত চলি থকা মূল্যৰ ব্যাপক অস্থিৰতাৰ পৰা কৃষকক ৰক্ষা কৰাৰ উদ্দেশ্যে এই পদক্ষেপ লৈছে । ৰাজ্যখনৰ Agricultural Price Board-এ এক অধ্যয়ন কৰি উৎপাদনত হোৱা খৰচৰ লগত ২০% যোগ কৰি ফচলৰ এক নিৰ্দিষ্ট মূল্য (Base Price) ঠিক কৰিছে ।  উদাহৰণ স্বৰূপে, প্ৰতি কেজি সমগ্ৰীত  শেহতীয়াকৈ নিৰ্ধাৰণ কৰা base price সমূহ এনেধৰণৰ :   কল - ₹ ৩০/২৪ , আনাৰস- ₹ ১৫, কোমোৰা -₹৯, তিয়ঁহ -₹৮, কেৰেলা ₹৩০, জিকা ₹৩০, লেচেৰা মাহ- ₹৩৪, বিলাহী -₹৮, ভেন্দি- ₹২০, বন্ধা কবি- ₹১১, গাজৰ -₹২১, আলু- ₹২০, বিন - ₹২৪, বিত - ₹২১, নহৰু ₹১৩৯ । কোনো জিলাত উক্ত সামগ্ৰীৰ বজাৰ মূল্য নিৰ্ধাৰিত Base Priceতকৈ কম হোৱা দেখা দিলে, সেই জিলাত এখন জিলা পৰ্যায়ৰৰ কমিটিৰ দ্বাৰা Base Price পুনৰ নিৰ্ধাৰণ কৰা হয় । ইয়াৰ লগতে বৃহৎ ব্যৱসায়ীয়ে যাতে বজাৰ নিজৰ দখললৈ নিব নোৱাৰে তাৰ বাবে প্ৰতি হেক্টৰত হোৱা উৎপাদনত চিলিং নিৰ্ধাৰণ কৰি দিছে। কৃষি বিভাগে এই  সমগ্ৰ কাম নিয়াৰিকৈ কৰাৰ বাবে  সমবায় বিভাগ আৰু স্থানীয় নিকায় ব্যৱস্থাৰ যৌথ উদ্যোগত দাম নিৰ্ধাৰণ কৰিছে। কৃষি বিভাগ,  Vegetable and Fruit Promotion Council Keralam ( ই হৈছে ৰাজ্যখনত  কৃষিৰ উন্নয়ন কৰাৰ গঠন কৰা এক কোম্পানী য'ত কৃষকৰ আত্ম সহায়ক গোটৰ ৫০%, কেৰালা চৰকাৰৰ ৩০% আৰু অন্য সংস্থাৰ ২০% শ্বেয়াৰ আছে) আৰু প্ৰাথমিক কৃষি সমবায় সমিতিয়ে স্থাপন কৰা সংগ্ৰহ কেন্দ্ৰত কৃষকসকলে উৎপাদিত সামগ্ৰী বেচিব পাৰিব। অসম চৰকাৰেও প্ৰকৃত অৰ্থত খেতিয়কক পৰ্যাপ্ত সাহায্য প্ৰদান কৰা আৰু উৎপাদিত ফচলৰ উচিত মূল্য পাবলৈ বজাৰখন সুৰক্ষিত কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিব নোৱাৰে নে?


নিত্য প্ৰয়োজনীয় বস্তুৰ দাম নিয়ন্ত্ৰণ

এনেকৈ শ্ৰমজীৱি জনতাৰ হাতলৈ পইচা অহাৰ সুবিধা প্ৰদান কৰাৰ লগতে কেৰালা চৰকাৰে নিশ্চিত কৰিছে যাতে হাতলৈ অহা টকা কেইটা দাম বৃদ্ধিয়ে কঢ়ি লৈ নাযায়। তাৰ বাবে দাম বৃদ্ধি ৰোধৰ এক  বিকল্প দাঙি ধৰিছে। আমি অসমত ৰেচনত পোৱা চাউল কেইটাক লৈয়ে সন্তুষ্ট কিন্তু গোটা মুগ,মাহ কাবুলি বুট,ল'বিয়া,ৰহৰ দালি,শুকান জলকীয়া,ধনীয়া,চেনি, বিভিন্ন ধৰণৰ চাউল, নাৰিকল তেলকে ধৰি ১২ বিধ অত্যাৱশ্যকীয় সামগ্ৰী কেৰালাৰ  চৰকাৰে 'মাভেলী' দোকানৰ জৰিয়তে ৰেচন কাৰ্ড থকা ব্যক্তিক  বজাৰৰ মূল্যতকৈ ৭০ শতাংশ পৰ্যন্ত ৰেহাই দামত ক্ৰয় কৰিব পৰাৰ ব্যৱস্থা কৰি দিছে। দাম বৃদ্ধিয়ে আমাক কোঙা কৰাৰ সময়ত যোৱা দুটা বছৰত কেৰালা চৰকাৰে ৯০০০ কোটি টকাৰ ৰাজসাহায্য প্ৰদান কৰি সমগ্ৰ ৰাজ্যত ১৬৩০ খন 'মাভেলী' দোকান চলাই আছে। যোৱা ছয়টা বছৰত এক পইচাও মূল্যবৃদ্ধি নোহোৱাকৈ এই কেইপদ বস্তু জনসাধাৰণৰ মাজত দি থাকিব পৰা এই ব্যৱস্থাটোৱেই কেৰালা চৰকাৰে দেখুৱাই  দিয়া বিকল্প।


স্বাস্থ্য

মানুহৰ হাতত জমা থকা পইচা সাধাৰণতে চিকিৎসা সেৱা লাভ কৰিবলৈ খৰচ কৰি  শেষ হৈ যোৱা দেখা যায়। কেৰালাৰ স্বাস্থ্যসেৱা ব্যৱস্থা উন্নত কৰাৰ বাবে ৰাজ্য চৰকাৰে কিছু অভূতপূৰ্ব পদক্ষেপ গ্ৰহণ কৰি আহিছে। এক দশকৰো অধিক পূৰ্বে জমা হোৱা ৰাজহৰ ৪০% গ্ৰামাঞ্চললৈ যোগান ধৰাৰ সিদ্ধান্ত লৈছিল চৰকাৰখনে। এইবোৰে কেৰালাৰ গ্ৰাম্য অঞ্চলসমূহত স্বাস্থ্যসেৱা ব্যৱস্থাক শক্তিশালীভাৱে গঢ়ি তোলাত সহায় কৰিছিল। কেৰালাত স্বাস্থ্যসেৱা খণ্ডত ব্যাপক অগ্ৰগতি দেখা গৈছে। তাৰ এটা প্ৰধান উদাহৰণ চেৰুথাজাম কেন্দ্ৰ। অঞ্চল এটা আৰু ইয়াৰ আশে-পাশে থকা নাগৰিকসকলৰ স্বাস্থ্য যাতে ভাল হয় তাৰ বাবে এই পৰিয়াল স্বাস্থ্য কেন্দ্ৰসমূহে উল্লেখযোগ্য ভূমিকা পালন কৰে। প্ৰতিটো পৰিয়াল স্বাস্থ্য কেন্দ্ৰত ৩ জন চিকিৎসক, ৪ জন নাৰ্ছ, ১ জন দন্ত চিকিৎসক, ১ জন ফাৰ্মাচিষ্ট, আৰু ১ জন লেব টেকনিচিয়ান থাকে। ঔষধ আৰু পৰামৰ্শ বিনামূলীয়া হ’লেও পৰীক্ষাগাৰৰ সেৱাৰ বাবে সামান্য মাচুল প্ৰদান কৰিব লাগে। বহিঃৰোগীৰ অপেক্ষাৰ স্থান, পৰীক্ষাগাৰ, শিশু ঘৰৰ ব্যৱস্থা এই সমূহত দেখা যায়।

এক শক্তিশালী ৰাজহুৱা স্বাস্থ্য খণ্ডৰ প্ৰতিফলন শিশুৰ মৃত্যুৰ হাৰ , প্ৰসূতি মৃত্যুৰ হাৰ আৰু গড় আয়ুসৰ পৰিসংখ্যাত দেখা গৈছে।  শিশুৰ মৃত্যুৰ হাৰ হৈছে প্ৰতি হাজাৰটা শিশুৰ জন্মৰ বিপৰীতে এবছৰ বয়সলৈকে মৃত্যু হোৱা শিশুৰ সংখ্যা।  ১৯৪১-১৯৫০ চনৰ  কেৰালাত শিশুৰ মৃত্যুৰ হাৰ  আছিল ১৫৩ আৰু ভাৰতত আছিল ১৯২ । ২০২০ চনত কেৰালাৰ শিশুৰ মৃত্যুৰ হাৰ  হ'লগৈ ৬, ভাৰতৰ ২৮। অসমত এই হাৰ ৩৬।  ১৯৫১ চনত প্ৰসূতি মৃত্যুৰ হাৰ কেৰালাত আছিল ১১০ আৰু ভাৰতত ৩০১ ২০১৭-১৯ চনত কেৰালাত এই সংখ্যা ৩০, ভাৰতত ১০৩, অসমত আকৌ দেশৰ ভিতৰতে সৰ্বাধিক ২০৫ । ১৯৫১ চনত ৰাজ্যখনৰ গড় আয়ুস  আছিল মাত্ৰ ৪৮ বছৰ আৰু দেশৰ গড় আয়ুস তাতকৈ কম -৪১.৯ বছৰ। ২০১৫-১৯ চনলৈ কেৰালাত গড় আয়ুস ৭৫.২ বছৰ , ভাৰতত ৬৯.৭ বছৰ, অসমত ৬৭.৫ বছৰ ।


শিক্ষা :  কেৰালাৰ অন্য এক বৃহৎ সফলতা তাৰ  শক্তিশালী ৰাজহুৱা শিক্ষা ব্যৱস্থা। শিক্ষাৰ ক্ষেত্ৰত কেৰালাই এক অনন্য স্থান দখল কৰি আহিছে।  ঔপনিৱেশিক কালতেই  কেৰালাত সাক্ষৰ হাৰ আছিল ৪০.৭ শতাংশ যিটো ৰাষ্ট্ৰীয় গড়তকৈ আছিল ২৪.১ শতাংশ অধিক । ২০০১ চনলৈকে এই  ব্যৱধান কমা নাছিল বৰঞ্চ  ২৬.০২ শতাংশলৈ  বৃদ্ধি পাইছিল । ২০২১ চনত ৯৬.২ শতাংশৰে ৰাজ্যখন প্ৰায় সম্পূৰ্ণ সাক্ষৰ হৈ পৰিছে। ইয়াৰ মূল কাৰণ আছিল ৰাজহুৱা বিদ্যালয়ৰ বৃহৎ নেটৱৰ্ক আৰু ৰাজ্য চৰকাৰৰ অধিক ব্যয়।


আজি নামভৰ্তিৰ হাৰ প্ৰাথমিক পৰ্যায়ত ১০০ বুলিবই পাৰি, কিন্তু শিক্ষাৰ সম্প্ৰসাৰণ হ'লেও বিদ্যালয়ত উপস্থিতি হ্ৰাস পাইছে। আধাতে বিদ্যালয় এৰা ছাত্ৰ - ছাত্ৰীৰ সংখ্যা অৰ্থাৎ ড্ৰপ আউট কেৰালাত আটাইতকৈ কম ।  উচ্চতৰ মাধ্যমিক বিদ্যালয়ত  ৯০.৮ শতাংশ ল’ৰা আৰু  ৯৩.৬ শতাংশ ছোৱালীৰ উপস্থিতি দেখা যায়। অসমত  এই হাৰ ক্ৰমে ৫৯.৫ শতাংশ আৰু ৬২.৯ শতাংশ। অন্যহাতে গুজৰাটৰ গ্ৰাম্য অঞ্চলৰ উচ্চতৰ মাধ্যমিক পৰ্যায়ত মাত্ৰ ৪৫ শতাংশ ল'ৰা আৰু  ২৯.২ শতাংশ ছোৱালী বিদ্যালয়ত উপস্থিত থাকে। 


 নীতি আয়োগ অনুসৰি কেৰালাই ৭৬.৬ নম্বৰ লাভ কৰি দেশৰ ভিতৰতে শিক্ষাৰ ক্ষেত্ৰত সৰ্বোচ্চ স্থান লাভ কৰিছে । আজি যি সময়ত মধ্যবিত্ত শ্ৰেণীয়ে ক্ৰমান্বয়ে  ব্যক্তিগত বিদ্যালয়লৈ গতি কৰিছে কেৰালাত প্ৰথমৰ পৰা দশম শ্ৰেণীৰ ৭.৮ লাখতকৈ অধিক নতুন ছাত্ৰ-ছাত্ৰীয়ে যোৱা পাঁচ বছৰৰ ভিতৰত ব্যক্তিগত খণ্ডৰ পৰা চৰকাৰী বিদ্যালয়লৈ ঘূৰি আহিছে । ব্যক্তিগতখণ্ডৰ বিদ্যালয়ত ছাত্ৰ-ছাত্ৰীৰ সংখ্যা হ্ৰাস হোৱাৰ বিপৰীতে ৰাজহুৱা শিক্ষা ব্যৱস্থাত ছাত্ৰ-ছাত্ৰীৰ সংখ্যাও বৃদ্ধি পাইছে। 

এই সময়তে কেৰালা চৰকাৰে দেশৰ ভিতৰতে সর্বপ্রথমে সকলো চৰকাৰী বিদ্যালয়ৰ শ্ৰেণীকোঠা ডিজিটেল কৰি অভিলেখ সৃষ্টি কৰিছে । কেৰালাৰ চৰকাৰী বিদ্যালয়ত লেপটপ, প্ৰজেক্টৰ, ৱেব কেম, প্ৰিণ্টাৰকে ধৰি বিভিন্ন ডিজিটেল সামগ্ৰী যোগান ধৰা হৈছে। ২০১৬ চনত কেৰালাত গঠন হোৱা বাওঁপন্থী চৰকাৰে ক্ষমতালৈ অহাৰ পিছত ৰাজহুৱা শিক্ষা শক্তিশালী কৰাৰ মিছন গ্ৰহণ কৰি সকলো চৰকাৰী শ্ৰেণীকোঠা অন্তৰ্জাতিক মানসম্পন্ন কৰা আৰু হাই-টেক আই-টি লেব গঢ়ি তোলাৰ প্ৰচেষ্টা হাতত লৈছিল আৰু তাৰ বাবে Kerala Infrastructure and Technology for Education (KITE) স্থাপন কৰিছিল । সেই মিছনৰ অংশ হিচাপে ৰাজ্যখনৰ অষ্টম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীৰ  ৪৫ হেজাৰ শ্ৰেণী কোঠাত প্ৰদান কৰা হৈছে লেপটপ, প্ৰজেক্টৰ, স্ক্ৰীন আৰু সেইয়া বিদ্যালয়ত স্থাপন কৰা ষ্টুডিওৰ সৈতে সংযুক্ত কৰা হৈছে আৰু প্ৰথম শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীলৈ ১১হেজাৰ  কম্পিউটাৰ লেবযুক্ত এটা স্মাৰ্ট শ্ৰেণীকোঠা  গঢ়ি তোলা হৈছে । এই ডিজিটেল ব্যৱস্থাত শিক্ষা দানৰ বাবে ১লাখ ৮৩হেজাৰ ৪৪০ গৰাকী শিক্ষকক বিশেষভাৱে প্ৰশিক্ষণ দিয়া হৈছে ।  মূলতঃ ৰাজহুৱা শিক্ষাৰ সামগ্ৰিক বিকাশ কৰাৰ বাবে এই পদক্ষেপ কেৰালা চৰকাৰে গ্ৰহণ কৰা 'ৰাজহুৱা শিক্ষা ৰক্ষা মিছনৰ' অংশ । যি সময়ত চৰকাৰী স্কুল বন্ধ কৰাকলৈ আলোচনা চলে, কেৰালাত এনে কথা অতীত হৈ পৰিছে। চৰকাৰে চৰকাৰী বিদ্যালয় উন্নত কৰি নতুন ছাত্ৰ-ছাত্ৰীক আকৃষ্ট কৰি 'জনগণৰ শিক্ষা মডেল ' ৰ অনন্য বিকল্প তুলি ধৰিছে।


বাসস্থান :

সকলো আছে কিন্তু মাটি, ভেটি আৰু ঘৰ নাথাকিলে সকলো অসাৰ যেন লাগে। দেশৰ বাকী অংশতকৈ কেৰালাত বাসস্থানৰ অৱস্থা যথেষ্ট উন্নত। ভূমিহীনৰ সংখ্যা কম আৰু ৮০ শতাংশ ঘৰ পকা আছিল । ইয়াৰ বিপৰীতে ৰাষ্ট্ৰীয় গড় ৬৫ শতাংশ। ২০১১ চনলৈ কেৰালাৰ ৭৭ শতাংশ ঘৰৰ চৌহদত খোৱাপানীৰ ব্যৱস্থা আছে। ভাৰতত এই হাৰ আছিল ৫১ শতাংশ। সমগ্ৰ দেশে ৬৭ শতাংশ ঘৰত বিদ্যুৎ সংযোগ থকাৰ বিপৰীতে কেৰালাৰ ৯৫ শতাংশ ঘৰত বিদ্যুৎ সংযোগ। শৌচালয় আছে ৯৫ শতাংশ ঘৰত আনহাতে ভাৰতত মাত্ৰ ৪৭ শতাংশ ঘৰতহে শৌচালয় আছে। কেৰালাৰ ৯৩ শতাংশ ঘৰত এটাতকৈ অধিক কোঠা আছে, আনহাতে ভাৰতত এই হাৰ মাত্ৰ ৫৯ শতাংশ। কেৰালাত সত্তৰৰ দশকৰ আৰম্ভণিতে এক লাখ গৃহ নিৰ্মাণ আঁচনি প্ৰস্তুত কৰা হৈছিল এই আঁচনিখনে ভূমি সংস্কাৰৰ জৰিয়তে মাটি প্ৰদান কৰা লোকসকলৰ বাবে ঘৰৰ ব্যৱস্থা কৰিছিল।  এই বৰ্ষত চৰকাৰে ৰাজ্যখনত ২০ লাখতকৈ অধিক ঘৰ নিৰ্মাণ কৰিব আৰু কেৰালাত সকলোৰে নিজা ঘৰ থকা এক ৰাজ্যলৈ ৰূপান্তৰ হ'ব।


এইয়া কিছু উদাহৰণহে। কেৰালাৰ জনমুখী নীতিয়ে দৰিদ্ৰতা নিৰ্মূল কৰা আৰু জনমূৰি আয় বৃদ্ধি কৰাত অভূতপূৰ্ব সফলতা লাভ কৰিছে। দুখীয়া ৰাজ্যৰ তালিকাত অসম ৩২.৬৭ শতাংশৰে ষষ্ঠ স্থান অধিকাৰ কৰাৰ বিপৰীতে ০.৭১ শতাংশৰে

কেৰালা  শেষত। এই সম্পৰ্কে আৰু গভীৰ আলোচনা প্ৰয়োজন।বিশ্বায়নৰ প্ৰত্যাহ্বানৰ সন্মুখীন হৈ আৰু কেন্দ্ৰীয় চৰকাৰে আৰোপ কৰা  বৈষম্যৰ পিছতো কেৰালাই ৰাজহুৱা খণ্ড, স্বাস্থ্য, শিক্ষা, আদিৰ ক্ষেত্ৰত এক বিকল্প নীতি গ্ৰহণ কৰি অতি ইতিবাচক ফলাফল লাভ কৰিছে। এই ফলাফলসমূহে  সামাজিক সুৰক্ষা প্ৰদান কৰিছে আৰু ক্ষুধা আৰু দৰিদ্ৰতা সাংঘাতিকভাৱে হ্ৰাস কৰিছে। গণতান্ত্ৰিক বিকেন্দ্ৰীকৰণ, ৰাজহুৱা খণ্ডত ব্যয় বৃদ্ধি আৰু জনসাধাৰণৰ অংশগ্ৰহণেৰে এনে কাৰ্যসূচী ৰূপায়ণ কৰি উজলি উঠিছে কেৰালা। এনে নীতিৰ প্ৰণেতা কেৰালাৰ চি পি আই( এম) নেতৃত্বাধীন বাঁওপন্থী চৰকাৰ। কেৰালা চৰকাৰে দেখুৱাইছে যে সঠিক ৰাজনৈতিক নীতিৰ দ্বাৰা সকলো সম্ভৱ। এইয়াই  কেৰালা মডেল : বাঁওপন্থীৰ বিকল্প!

No comments:

Post a Comment